মুখ্য-পৃষ্ঠা

নিৰ্বাচনী প্ৰচাৰ গীত আম আদমী পাৰ্টীৰ, কিন্তু নৃত্য মনোজ তিৱাৰীৰঃ ভাইৰেল ভিডিঅ’ক লৈ ৫০০ কোটি জৰিমণা দাবী বিজেপিৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ বলীউডৰ সংগীত পৰিচালক বিশাল দাডলানীয়ে সংগীত পৰিচালনা আৰু কণ্ঠদান কৰা আম আদমী পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ গীতটোৱে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে। দিল্লীত ৫ বছৰীয়া কাৰ্যকালৰ অন্ত পেলাই পুনৰ নিৰ্বাচনী যুঁজৰ বাবে সাজু হোৱা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টীক লৈ লিখা 'লাগে ৰহো কেজৰিৱাল' শীৰ্ষক গীতটোৰ ভিডিঅ'ও এতিয়া জনপ্ৰিয় হৈ পৰিছে ছ'চিয়েল মাধ্যমসমূহত।

কিন্তু এইবাৰ আন এটা ভিডিঅ'হে ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। এই ভিডিঅ'টোত বিজেপিৰ দিল্লী প্ৰদেশৰ সভাপতি মনোজ তিৱাৰীয়ে আম আদমী পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ গীতটোত নৃত্য কৰিছে। ছ'চিয়েল মিডিয়াত এতিয়া এই ভিডিঅ'টো বিভিন্নজনে শ্বেয়াৰ কৰিছে। কিন্তু আম আদমী পাৰ্টীৰ থিম চঙত এগৰাকী বিজেপি নেতাই নৃত্য কৰাটো কিমান দূৰ সঁচা?

দৰাচলতে এই ভিডিঅ'টোত আপৰ নিৰ্বাচনী প্ৰচাৰ গীতটোৰ সৈতে এডিট কৰা হৈছে বিজেপি নেতা মনোজ তিৱাৰীক। ভোজপুৰী অভিনেতা মনোজ তিৱাৰীয়ে তেওঁ পূৰ্বে অভিনয় কৰা ভোজপুৰী গীত সমূহৰ নৃত্যৰ দৃশ্য আৰু ছবি এডিট কৰি আপৰ গীতটোৰ সৈতে সংলগ্ন কৰা হৈছে। যাৰ ফলত আম আদমী পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ গীততে বিজেপি নেতাগৰাকীয়ে নৃত্য কৰা যেন লাগিছে।

ইফালে এই ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পিছতে আম আদমী পাৰ্টীলৈ মানহানিৰ আইনী জাননি প্ৰেৰণ কৰি ৫০০ কোটি টকাৰ জৰিমণা দাবী কৰিছে বিজেপিয়ে। ভিডিঅ'টো সন্দৰ্ভত দিল্লী বিজেপিৰ সভাপতি মনোজ তিৱাৰীয়ে কয়, 'মিছা কথাৰ মেছিন বুলি পৰিচিত আম আদমী পাৰ্টীৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালৰ এইবাৰ মিছাৰ মুখা খোল খাইছে। অভিনেতা হৈ থকা সময়ত মই যিবোৰ গানত অভিনয় কৰিছিলো, সেইবোৰৰ ফটো আৰু ক্লিপিং এডিট কৰি আপে নিজৰ গীতত লগাইছে। তেওঁলোকৰ থিম চঙত মোৰ ফটো আৰু দৃশ্য প্ৰচাৰ কৰাৰ অধিকাৰ আম আদমী পাৰ্টীয়ে পালে ক'ত? কেজৰিৱালে নাজানে নেকি যে ব্যৱসায়িকভাৱে কাৰো ফটো বা দৃশ্য অনুমতিবিহীনভাৱে প্ৰয়োগ কৰিব নোৱাৰি?'

কেজৰিৱালে এইবাৰ বিধানসভা নিৰ্বাচনত নিজৰ পৰাজয়ৰ অনুমান কৰি এতিয়া পাগলৰ দৰে হৈ পৰিছে। সেইবাবে এতিয়া তেওঁ বিজ্ঞাপনৰ বাবে শিশু, মহিলা আৰু বৃদ্ধৰ ফটো, ভিডিঅ' ব্যৱহাৰ কৰিছে। দৰাচলতে আম আদমী পাৰ্টীৰ নেতা আৰু কৰ্মকৰ্তাসকল সম্পূৰ্ণৰূপে হতাশ হৈ পৰিছে। দিল্লীৰ জনতাই তেওঁলোকক সমৰ্থন নকৰাৰ বাবে শেষত মোৰ গীতৰ ক্লিপিং ব্যৱহাৰ কৰি তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাবলগা হৈছে।'

https://twitter.com/AamAadmiParty/status/1216020453493338112

উল্লেখ্য যে, ১১ জানুৱাৰীৰ নিশা ৯ বজাত আম আদমী পাৰ্টীৰ টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰা হৈছিল এই ভিডিঅ'টো। ৪ মিনিট ২৩ ছেকেণ্ড দৈৰ্ঘ্যৰ এই ভিডিঅ'টোত আম আদমী পাৰ্টীৰ থিম চং 'লাগে ৰহো কেজৰিৱাল'ত মনোজ তিৱাৰীৰ ভোজপুৰী গীতৰ নৃত্যৰ ক্লিপিং সংলগ্ন কৰি প্ৰকাশ কৰা হৈছিল। এই ভিডিঅ'টো টুইট কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে ৯০ হাজাৰৰো অধিক লোকে ভিডিঅ'টো চায় আৰু প্ৰায় ২৩০০ লোকে এই ভিডঅ'টো ৰি-টুইট কৰে।