মুখ্য-পৃষ্ঠা

কাছাৰত বিদ্যুতস্পৃষ্ট হৈ এজন কৃষকৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ ধুমুহাই ছিঙি পেলোৱা এডাল বিদ্যুত পৰিবাহী তাঁৰত লাগি বুধবাৰে কাছাৰত এজন কৃষক বিদ্যুত স্পৃষ্ট হৈ মৃত্যু মুখত পৰে ৷ ৰাতিপুৱা খেতি পথাৰত হাল বাবলৈ যোৱাৰ সময়ত পথত পৰি থকা তাঁৰত লাগি মৃত্যু হয় কৃষক জনৰ ৷

উদাৰবন্দ থানা এলেকাৰ বাদ্ৰিপাৰ ষষ্ঠ খণ্ডৰ দিগৰ খাছিপুৰত সংঘটিত এই কৰুণ ঘটনাত থিতাতে নিহত হয় শংকৰ পাছী নামৰ কৃষক জন ৷ নিশা সংঘটিত ধুমুহাত পথৰ কাষত থকা এডাল গছ ভাঙি বিদ্যুতৰ তাঁৰৰ ওপৰত পৰে ৷

গছডালে বিদ্যুতৰ তাঁৰ ডাল ছিঙি পথত পেলাই দিয়ে ৷ ৰাতিপুৱা হাল বাবলৈ যোৱাৰ সময়ত অজানিতে কৃষক জন বিদ্যুত পৰিবাহী তাঁৰ ডালৰ সংস্পৰ্শলৈ আহে আৰুবিদ্যুৎস্পৃষ্ট হৈ থিতাতে নিহত হয় ৷ পিচত খবৰ পাই উদাৰবন্দ থানাই মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ আহে ৷