মুখ্য-পৃষ্ঠা

দিল্লী ক্ৰিকেট সন্থাৰ সভাপতি পদ এৰিলে ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মাই…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লী ক্ৰিকেট সন্থাৰ সভাপতি তথা অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে সাংবাদিক, ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মাই। শনিবাৰে পুৱা সন্থাৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰি তেও মত প্ৰকাশ কৰে যে, কোনো মূল্যৰ বিনিময়তে মই মোৰ সততাক সৈতে বুজাবুজি নকৰো।'

ইফালে শনিবাৰে পুৱাই দিল্লী ক্ৰিকেট সন্থাই টুইটাৰযোগে ৰজত শৰ্মাই পদত্যাগ কৰাৰ কথা ৰাজহুৱা কৰে। ২০১৮ চনত দিল্লী ক্ৰিকেট সন্থাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল ৰজত শৰ্মা। শৰ্মাৰ পদত্যাগ পিছতে শনিবাৰে বিয়লিভাগলৈ দিল্লী ক্ৰিকেট সন্থাৰ কেইবাজনো সদস্যই পদত্যাগ কৰে।

উল্লেখ্য যে, ৰজত শৰ্মা দিল্লী ক্ৰিকেট সন্থাৰ অধ্যক্ষ হৈ থাকোতেই দিল্লীৰ ঐতিহাসিক ফিৰোজ কোটলা ষ্ট্ৰেডিয়ামৰ নাম সলনি কৰি অৰুণ জেটলী ষ্ট্ৰেডিয়াম ৰাখিবৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। এই প্ৰস্তাৱক মঞ্জুৰী প্ৰদান কৰাৰ পাছত ফিৰোজ কোটলা ষ্ট্ৰেডিয়ামৰ নাম হৈছিলগৈ অৰুণ জেটলী ষ্ট্ৰেডিয়াম।