মুখ্য-পৃষ্ঠা

বিধেয়ক আৰু অসমীয়াৰ ভৱিষ্যত…

asomiyapratidin

এই শিতানটোৰ জৰিয়তে ৰাইজৰ মত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰত প্ৰকাশৰ দিহা কৰা হৈছে। চৰ্চিত বিষয়ৰ সন্দৰ্ভত অতি চমুকৈ লিখা অৰ্থপূৰ্ণ লেখা এই শিতানত প্ৰকাশ পাব। আজিৰ 'মোৰ মত'ত বিশিষ্ট কবি জীৱন নৰহৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত এটা চমু লেখা।

♦ জীৱন নৰহ

সাৱধান! বংগমূলীয় হিন্দু-মুছলমান এক হলে ভাষিক সম্প্ৰসাৰণ দ্ৰুত গতিত হব। ত্ৰিপুৰাৰ পৰা বৰাকলৈ, নামনি অসম-পশ্চিম বংগলৈ একাকাৰ হৈ ভাষিক ভাৱে বাংলাদেশৰ সতে যুক্ত হৈ পৰিব। তেতিয়া অসমীয়া আৰু জনজাতি ভাষা চিৰকালৰ বাবে নি:চিহ্নৰ ফালে যাব। মনত ৰাখিব লাগিব ভাষিক চেতনা ধৰ্মীয় চেতনাকৈ বহুত ওপৰত। ভাষিক চেতনাৰ কাৰণেই একে ধৰ্মৰ হয়ো পাকিস্তানৰ পৰা বালংদেশ পৃথক হৈ স্বাধীন হল। ভাষিক মৰ্যাদা ৰক্ষাৰ কাৰণে বাংলাদেশৰ বহু মানুহে শ্বহীদ হৈছিল। এই শ্বহীদৰ সন্মানাৰ্থে বিশ্বজুৰি ২১ ফেব্ৰুৱাৰী দিনটোত মাতৃভাষা দিৱস পালন কৰি আহিছে।

অসমতো বংগমূলীয় হিন্দু-মুছলমান এক হলে ত্ৰিপুৰাৰ দৰে বাংলাভাষা ৰাজ্য ভাষাৰ দৰে প্ৰভূত্ব বিস্তাৰ কৰিব আৰু সুদূৰ ভৱিষ্যতে ধৰ্মীয় বেশ ত্যাগ কৰি ভাষিক ভাৱে ৰাজনৈতিক সম্প্ৰসাৰণ ঘটিব। যিসকলে ভাৱি আছে বংগমূলীয় হিন্দু আনি অসমত হিন্দুৰ সংখ্যা বঢ়াই ৰাজপাট খাম বুলি তাৰ বিপৰীতে ভাষিক স্থিতিক কেন্দ্ৰ কৰিহে গঢ়ি উঠিব ৰাজনৈতিক ভৱিষ্যত। ত্ৰিপুৰা, বাংলাদেশ তাৰ প্ৰমাণ।

অসমীয়া মানুহতকৈ বঙালী মানুহৰ ভাষিক চেতনা হাজাৰগুণ ওপৰত, তাৰ কাৰণেই তেওঁলোকক শ্ৰদ্ধা কৰোঁ। সন্মান কৰোঁ। যদিয়ো ধৰ্মীয় ধাৰণাৰে অসমত বংগমূলীয় হিন্দুৱে অসমীয়া ৰাজনীতিকৰ মনভোলাই আমাৰ ইয়াত থিতাপি লব খুজিছে ইয়াৰ পৰিনাম হবগৈ বঙালী ভাষিক চেতনাক দীৰ্ঘস্থায়ী কৰি ৰাজনৈতিক পটভূমিৰ তৈয়াৰ কৰা, লগতে চিৰকালে অসমীয়া- জনগোষ্ঠীয় ভাষাবোৰ নিশকতীয়া কৰি কৰি বল-বীৰ্য লুপ্তহৈ পৰা (ত্ৰিপুৰাত যি ঘটিল)।

সাৰাংশঃ

১. ফলত লাভ হব বঙালী সকলৰ। তেওঁলোকৰ ভাষা-সংস্কৃতি, ৰাজনৈতিক-অৰ্থনৈতিক ক্ষমতা সম্প্ৰসাৰণ লগতে হিন্দুধৰ্মতো থাকিব।

২. ফলত লোকচানৰ হব অসমীয়া – জনজাতি ভাষা সমূহ , সংস্কৃতি- অৰ্থনৈতিক- ৰাজনৈতিক ক্ষমতা দ্ৰুত গতিত হ্ৰাস পাব। ভৱিষ্যতে অসমীয়া সকলে 'হিন্দু'বুলি নিচুকনিমূলক পৰিচয় দি সন্তোষ লৈ জীয়াই থাকিব লাগিব ।

৩. ফলত অসমৰ ৰাজ্য ভাষা বঙালী হব। অসমত অসমীয়াৰ প্ৰভূত্ব অথবা ৰাজ্য ভাষা কি হয় তাতে দিল্লীৱালাৰ কি আহে যায়?