মুখ্য-পৃষ্ঠা

‘কেব’ আমি নামানো, দিল্লী-দিশপুৰ সাৱধানঃ গোৱালপাৰাত উজাগৰী নিশা কটালে প্ৰতিবাদকাৰীয়ে…

asomiyapratidin

ডিজিটেল সংবাদ,গোৱালপাৰা: আছু,কৃষক-ছাত্ৰ মুক্তি,গৰিয়ামৰিয়া দেশী জনগোষ্ঠী পৰিষদকে ধৰি গোৱালপাৰা পলিটেকনিক স্কুলৰ আৰু বিভিন্ন দল-সংগঠন, ৰাইজ ৰাজপথলৈ ওলাই আহিছে বুধবাৰে নিশা দহ বজাত। জাতি ধ্বংসী 'কেব' গৃহিত হোৱাৰ পিছতে প্ৰতিবাদত মুখৰ হৈ পৰিছে গোৱালপৰীয়া ৰাইজ আৰু দল-সংগঠন।আয়োজন কৰিছে ওৰে নিশাজুৰি প্ৰতিবাদী কাৰ্য্যসূচী।

'গোৱালপাৰাত উজাৰী নিশাত অসমীৰ চিঞৰ' শীৰ্ষক প্ৰতিবাদী এই কাৰ্য্যসূচীত অংশ ল'বলৈ নিশা ১১.৩০ বজালৈ স্থানীয় ৰাইজৰ সোঁত বৈ আছে।গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ অস্থায়ী কাৰ্যালয়ৰ সন্মুখত সমবেত হোৱা প্ৰতিবাদী দল-সংগঠন আৰু ৰাইজে বৰ কাহ বজাই নিশাৰ নিৰ্জন পৰিৱেশ উত্তাল কৰি তুলিছে।ক্ষোভ আৰু ঘৃণাৰে উপচি পৰা প্ৰতিবাদী ৰাইজে বিজেপি চৰকাৰ আৰু জাতিদ্ৰোহী কুলাংগাৰ অগপ-বিজেপিৰ অসমীয়া(!) পতাৰক নেতাসকলৰ প্ৰতি চৰম ক্ষোভ প্ৰকাশ কৰি মুৰ্দাবাদ ধ্বনিৰে আকাশ -বতাহ কাঁটাই তোলে।

নিশা ৰাজপথলৈ স্বত:স্ফুটভাৱে ওলাই অহা প্ৰতিবাদীসকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ-হিমন্তবিশ্ব কুলাংগাৰ নিপাত যাওঁক, এই যুঁজ অস্তিত্বৰ যুঁজ, অসম চৰকাৰ হুঁচিয়াৰ, কেব আমি নামানো,আমি অসমীয়া হয় গাত এক বিন্দু তেজ থকা লৈকে যুঁজিম,দিল্লী-দিশপুৰ সাৱধান আদি উদান্ত কণ্ঠৰে প্ৰতিবাদ জনাই কেব বাতিলৰ দৃঢ় পন লয়।'অসম কাৰো বাপেকৰ সম্পতি নহয়'বুলি ধ্বনিৰে প্ৰতিবাদী সকলে ৰাইজ পথৰ ওপৰত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ কৰে।এই প্ৰতিবাদ অব্যাহত আছে।পূৱতি নিশালৈকে চলিব।