মুখ্য-পৃষ্ঠা

কেব আমি নামানোঃ দিল্লীৰ বৈঠকত গৃহমন্ত্ৰীক স্পষ্ট কৰি দিলে অসমৰ ছাত্ৰ সংগঠনে, নিশা ২ বজালৈকে মন্ত্ৰী হিমন্তৰ সৈতে অমিত শ্বাহৰ বৈঠক…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেব আমি নামানো। বিজেপিৰ হাতত সংখ্যা আছে বাবেই অসমবাসীৰ ওপৰত কেব জাপি দিয়া কাৰ্য মানিব লাগিব, সহিব লাগিব বুলি ভবাটো ভুল।' মঙলবাৰে নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ পিছতে এই মন্তব্য কৰে আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই। লগতে তেওঁ কয়, গৃহমন্ত্ৰীৰ সন্মানাৰ্থে আমি বৈঠকলৈ আহিছিলো। অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীও বৈঠকত উপস্থিত আছিল। গৃহ সচিব আৰু আন বিষয়া সকলো উপস্থিত আছিল। তেওঁলোকে কেব বিষয়টো উত্থাপন কৰিছিল। বৈঠকত আছুৱে অসমবাসীৰ চিন্তাক স্পষ্ট ৰূপত বৈঠকত উপস্থাপন কৰিছো।

কেবৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি আছু উপদেষ্টাগৰাকীয়ে লগতে কয়, অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া কেব আমি কোনো পধ্যেই নামানো। আমি কেব, নামানো নামানো নামানো। এই কথা স্পষ্টভাৱে জনাই দিছো গৃহমন্ত্ৰীক। কাৰণ হাজাৰজন ৰাইজৰ চৃড়ান্ত ত্যাগৰ বিনিময়ত স্বাক্ষৰিত হৈছিল অসম চুক্তি। এই ঐতিহাসিক চুক্তিমতে, ১৯৭১ চনৰ পিছত অসমলৈ অহা হিন্দুৱেই হওক বা মুছলমানেই হওক সকলো বিদেশী বহিষ্কাৰ হ'বই লাগিব।

আনহাতে, মঙলবাৰে নিশা আছুৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ৬ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সৈতে দিল্লীৰ অসম হাউছত অমিত শ্বাহৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সহমতত উপনীত হ'ব নোৱাৰিলে দুয়োপক্ষ। আটাইকেইটা সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে বৈঠকত।

অসম, মণিপুৰ, নাগালেণ্ডৰ সংগঠনৰ সৈতে অসম হাউছত হোৱা বৈঠকৰ অন্তত পুনৰ হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহে অকলশৰে প্ৰায় এঘণ্টা ধৰি নিশা ২ বজালৈকে বৈঠকত মিলিত হয়। অমিত শ্বাহৰ সৈতে বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক শাসক দলটোৰ CAB গৃহীত কৰাৰ পৰিকল্পনাৰ কথা সদৰী কৰে।

শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত জনায় যে, বুধবাৰে কেবিনেটে অনুমোদন জনোৱাৰ পিছতে ৯ আৰু ১০ ডিচেম্বৰত লোকসভা আৰু ৰাজ্যসভাত গৃহীত কৰিব বিধেয়কখন। তেওঁ লহতে কয়, অমিত শ্বাহৰ সৈতে বৈঠকৰ পাছত কিছু ভ্ৰম দূৰ হৈছে যদিও কিছু সমস্যা অচিৰেই সমাধান হব।