মুখ্য-পৃষ্ঠা

প্ৰচণ্ড শীতক নেওঁচি মাজনিশাৰে পৰা উচ্চতম ন্যায়ালৰ সমীপত প্ৰতিবাদ মহিলাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সংশোধিত নাগৰিকত্ব আইনক লৈ বুধবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব গুৰুত্বপূৰ্ণ ৰায়দান। অসমৰ লগতে সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তত বৰ্তমানেও আইনখনৰ বিৰুদ্ধে অব্যাহত আছে ব্যাপক প্ৰতিবাদ।

বুধবাৰে উচ্চতম ন্যায়ালয়ে আইনখনক লৈ ৰায়দান কৰাৰ পূৰ্বেই বুধবাৰে মাজনিশাৰে পৰা দিল্লীৰ প্ৰচণ্ড শীতক নেওঁঁচি প্ৰতিবাদত বহিল বহুকেইগৰাকী মহিলা। ১৫-২০ গৰাকী মহিলাই উচ্চতম ন্যায়ালয়ৰ সমীপতে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰে।

উচ্চতম ন্যায়ালয়ৰ ৰায়দান প্ৰদান কৰাৰ লৈকে বুধবাৰে নিশাৰে পৰা প্ৰতিবাদত বহা মহিলাসকলে উচ্চতম ন্যায়ালয়ে আইনখনৰ বিৰুদ্ধেই ৰায়দান কৰিব বুলি মন্তব্য কৰে।