মুখ্য-পৃষ্ঠা

‘কা’ আমাক নেলাগে’ বুলি কৈ ৰোষত পৰিল কন্ঠশিল্পী বাবু…

asomiyapratidin

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ কন্ঠশিল্পী বাবু বৰুৱাই বৃহস্পতিবাৰে নিশা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ সময়তে "কা আমাক নেলাগে'" বুলি ধ্বনি দি ৰাইজৰ ৰোষত পৰা ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনা হোৱা পৰিলক্ষিত হয়।

উল্লেখ্য যে বৃহস্পতিবাৰে নিশা ঘগ্ৰাপাৰৰ অকণা বামুণগাঁত শ্ৰী শ্ৰী গোপালধাম সনাতন আশ্ৰমত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰি থকা সময়তে ৰাইজ ইমানেই উত্তেজিত হৈ পৰে যে শিল্পী গৰাকীয়ে ধৰ্মীয় অনুষ্ঠানত কিয় ৰাজনৈতিক শ্লোগান দিব তাৰ প্ৰশ্ন উত্থাপন কৰে। আনকি শিল্পী গৰাকীক জয় শ্ৰীৰাম ধ্বনি দিবলৈ বাধ্য কৰায়।

উল্লেখ্য যে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আকনা বামুণগাঁওৰ শ্ৰীশ্ৰী গোপালধাম সনাতন আশ্ৰমত তিনিদিনীয়া কৈ অনুষ্ঠিত ভগৱান গোপাল মহোৎসৱত কালি নিশা নিশা ৯ বজাত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত গীত গাবলৈ আমন্ত্ৰণ কৰিছিল জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাক। যথা সময়ত শিল্পী গৰাকীয়ে মঞ্চত উপবিষ্ট হৈ এটাৰ পিছত আনটো   গীত পৰিৱেশন কৰি থকা সময়তে " কা আমাক নেলাগে'   " বুলি মাইকত কোৱাৰ লগে লগে জাঙুৰ খাই উঠিল এচাম দৰ্শক।

মঞ্চত এজন দৰ্শক উঠি শিল্পী গৰাকীৰ পৰা মাইকটো আনি প্ৰশ্ন কৰে -আপুনি এই ধৰ্মীয় অনুষ্ঠানত কি কাৰণত ৰাজনীতিৰ শ্লোগান দিলে। লগে লগে পৰিস্থিতি উত্তেজনা পূৰ্ণ হৈ পৰে। উপস্থিত শ্ৰোতা দৰ্শকে "কা"  সম্পৰ্কে কোনো ধৰণৰ মন্তব্য নকৰিবলৈ শিল্পী গৰাকীক দাবী জনায়। পৰিস্থিতি উত্তেজনা দেখি শিল্পী গৰাকীয়ে ক্ষমা খুজিবলৈ বাধ্য হয় যদিও সাংস্কৃতিক অনুষ্ঠানটোৰ ভিতৰি ভিতৰি তীব্ৰ উত্তেজনা বিৰাজ কৰে।

তথাপিও মহোৎসৱ পৰিচালনা সমিতিৰ তৎপৰাত শিল্পী গৰাকীয়ে গীত পৰিৱেশন কৰে।অৱশেষত ঘগ্ৰাপাৰ আৰক্ষী আৰু চি আৰ পি এফ ৰ সহযোগত শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠান ত্যাগ কৰে। ইপিনে ধৰ্মীয় অনুষ্ঠানত শিল্পী গৰাকীয়ে কি কাৰণ ৰাজনৈতিক শ্লোগান দি ৰাইজৰ ৰোষত পৰিব লগা হ'ল, সেয়াই ৰাইজৰ মাজত চৰ্চা চলি আছে।