মুখ্য-পৃষ্ঠা

চি আৰ পি এফৰ বিশেষ ৰেলত বিস্ফোৰণঃ গুৰুতৰভাৱে আহত ৪ জন..

asomiyapratidin

ডিজিটেল ডেস্কঃ ছত্তীশগড়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ৰায়পুৰ ৰেল ষ্টেচনত চি আৰ পি এফৰ এখন বিশেষ ৰেলত সংঘটিতৈ হৈছে বিস্ফোৰণৰ ঘটনা। ফলস্বৰূপে আহত হৈছে ৪ জনকৈ চি আৰ পি এফৰ জোৱান। জানিব পৰা মতে এটা ডিটোনেটৰ ভৰ্তি বাকচ ৰেলখনৰ এটা দবাত পৰিযোৱাৰ ফলতে এই ঘটনা সংঘটিত হৈছে।

শনিবাৰে পুৱা প্ৰায় ৬-৩০ বজাত সংঘটিত হৈছে এই ঘটনা। চি আৰ পি এফৰ জোৱান লৈ এই ৰেলখন ঝাৰচুগুড়াৰ পৰা জন্মু তাৱীলৈ গৈছিল আৰু ৰায়পুৰ ৰেল ষ্টেচনত কিছু সময় ৰৈছিল। সেই সময়তে এই ঘটনা সংঘটিত হয়। ঘটনাৰ পিছত আহত পি আৰ পি এফৰ জোৱান কেইজনক ৰায়পুৰৰ নাৰায়ণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।