uttarkhand
uttarkhand  
মুখ্য-পৃষ্ঠা

পাহাৰৰ পৰা বাগৰিল বৰযাত্ৰীৰ বাহনঃ অতি কমেও ২৫ জন লোকৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেলে ডেস্কঃ উত্তৰাখণ্ডত ভয়াবহ হিমস্খলনে প্ৰায় ১০ জন পৰ্বতাৰোহীৰ প্ৰাণ কাঢ়িলোৱা ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ সময়তে ৰাজ্যখনত সংঘটিত হোৱা আন এক কৰুণ ঘটনাই সকলোকে মৰ্মাহত কৰিছে। পাহাৰীয়া ৰাজ্যখনৰ পাউৰী গড়ৱাল জিলাত এখন বাছ বাগৰি পৰাৰ ফলত মৃত্যু হৈছে প্ৰায় ২৫ জন লোকৰ।

মঙলবাৰে নিশা সংঘটিত হোৱা এই ঘটনাত আহত হৈছে আন ২৫ জন লোক। জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত বাছখন বৰযাত্ৰীৰ সৈতে হৰিদ্বাৰৰ লালধাঙৰ পৰা কাৰাগাওঁলৈ গৈ আছিল। সেই সময়তে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই চিমদি গাঁৱত এটা খাদত বাগৰি পৰে।

এই দুৰ্ঘটনা নিশা প্ৰায় ৮ বজাত সংঘটিত হৈছে। ইফালে দুৰ্ঘটনা নিশা সংঘটিত হোৱাৰ বাবে, উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টি হৈছিল। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰত সহায় কৰে।

ইফালে নিশাৰ অন্ধকাৰৰ বাবে, নিহতসকলৰ মৃতদেহ উদ্ধাৰ আৰু আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যোৱাৰ ক্ষেত্ৰত ভ্ৰাম্যমাণ ফ্লেছলাইটেৰে অনুসন্ধান কৰা হৈছিল। এই দুৰ্ঘটনা সন্দৰ্ভত উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে কয় যে বাছখনত প্ৰায় ৫০ জন লোক আছিল।

আৰক্ষী আৰু এছ ডি আৰএফ (ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ)ৰ দলে ২১ জন লোকক উদ্ধাৰ কৰিছে। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে এই কৰুণ ঘটনাৰ বাবে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শোক প্ৰকাশ কৰিছে।