প্ৰতীকী ফটো
প্ৰতীকী ফটো 
মুখ্য-পৃষ্ঠা

মঙলদৈত যাত্ৰীবাহী বাছে মহটিয়ালে দুজনক...

Asomiya Pratidin

ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈৰ আউলাচৌকাত সংঘটিত হৈছে পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এখন যাত্ৰীবাহী বাছে মহটিয়াই নিয়ে দুজনক ৷ দেওবাৰে বিয়লি সংঘটিত হৈছে এই দুৰ্ঘটনা ৷

উল্লেখ্য যে, 'বিশাল' নামৰ গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছখনে মহটিয়াই নিয়ে বাইক আৰোহী দুজনক ৷ সংকটজনক অৱস্থাত বাইক আৰোহী দুজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় লোকে ৷ অৱশ্যে ঘটনাস্থলীত মঙলদৈ সদৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷