মুখ্য-পৃষ্ঠা

বুলবুল ঘূৰ্ণীবতাহৰ তাণ্ডৱ! পশ্চিমবংগত প্ৰাণ হেৰুৱালে ৭জনে…

asomiyapratidin

ডিজিটেল ডেস্কঃ ওড়িশ্যাৰ পাছত পশ্চিমবংগতো বুলবুল ঘূৰ্ণীবতাহে চলাইছে তাণ্ডৱ। এই ঘূৰ্ণীবতাহে পশ্চিমবংগৰ সাগৰীয় পাৰৰ এলেকাসমূহ প্ৰভাৱান্বিত কৰিছে। এই ঘূৰ্ণীবতাহৰ ফলত বৰ্তমানলৈ ৰাজ্যখনত প্ৰাণ হেৰুৱাইছে ৭জনকৈ লোকে। দেওবাৰে পুৱাৰ ভাগত পশ্চিমবংগত ধাৰাসাৰ বৃষ্টিপাত আৰু ধুমুহা সৃষ্টি হয়।

এই ধুমুহা-বৰষুণৰ ফলত বহু গছ-গছনি, বিদ্যুতৰ খুটা আদি উভালি পৰে। উত্তৰ আৰু দক্ষিণ ২৪ পৰগনা আৰু পূব মিডনাপুৰত এই ধুমুহাৰ ফলত বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। আৰু কেৱল উত্তৰ পৰগনা এলেকাতে এই ঘূৰ্ণীবতাহৰ ফলত ৫জনকৈ লোকৰ মৃত্যু হয়।

বুলবুল ঘূৰ্ণীবতাহৰ বাবেই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অহা সপ্তাহত উত্তৰ পশ্চিমবংগৰ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সোমবাৰে তেওঁ নামখানা আৰু বকখালীৰ কাষৰীয় অঞ্চলসমূহত এই ঘূৰ্ণীবতাহৰ ফলত কি কি ক্ষতিসাধন হৈছে তাৰ নিৰীক্ষণ কৰিব।

আনহাতে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে এই আলোচনা কৰিছে। য'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনক প্ৰয়োজনীয় সকলো ধৰণৰ সুবিধা কৰিব বুলি কয়।