মুখ্য-পৃষ্ঠা

মুম্বাইত খহিল ৪ মহলীয়া অট্টালিকা, এটি ১৮ মহীয়া শিশুৰ সৈতে নিহতৰ সংখ্যা ১১

asomiyapratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে সন্ধিয়া দক্ষিণ মুম্বাইত এটা ৪ মহলীয়া অট্টালিকা খহি পৰাৰ ফলত বৰ্তমানৰ লৈকে মৃতকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে। অট্টালিকাটোৰ পৰা ৮ জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে।

বৰ্তমানো অট্টালিকাটোৰ মাজত ৬ টা পৰিয়াল আৱদ্ধ হৈ থকাৰ আশংকা কৰিছে আৰক্ষীয়ে। সকলো আঘাতপ্ৰাপ্ত লোকক সমীপৰ জে জে চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে। মৃত্যু হোৱা ১১ জন লোকৰ ভিতৰত ৪ গৰাকী মহিলা আৰু এটি ডেৰ বছৰীয়া শিশু। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে তদন্তৰ ঘোষণা কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে।