মুখ্য-পৃষ্ঠা

বিএছপিৰ মুৰব্বী মায়াৱতীৰ বাসগৃহৰ বিদ্যুৎ কৰ্তন…

asomiyapratidin

ডিজিটেল ডেস্কঃ বহুজন সমাজ পাৰ্টী চমুকৈ বিএছপিৰ মুৰব্বী মায়াৱতীৰ ঘৰত কৰ্তন কৰা হয় বিদ্যুৎ সংযোগ। বিজুলিৰ বিল পৰিশোধ নকৰাৰ ফলতেই মায়াৱতীৰ ঘৰৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হয়। উল্লেখ্য যে, গ্ৰেটাৰ নয়ডাৰ বাদলপুৰত বাস কৰে বিএছপিৰ মুৰব্বীগৰাকীয়ে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি,৬৭০০০ টকালৈ বিজুলিৰ বিল বৃদ্ধি পোৱাৰ পাছত বিভাগীয় লোকে আহি তেওঁৰ বাসগৃহতবিদ্যুৎ সংযোগ কৰ্তন কৰে। অৱশ্যে বিদ্যুৎ বিভাগৰ এগৰাকী প্ৰবক্তাই এয়া এক সামান্যপ্ৰক্ৰিয়া বুলি জনায়। বিদ্যুৎ কৰ্তনৰ পাছতেই মায়াৱতীৰ পৰিয়ালৰ সদস্যই ৫০ হাজাৰ টকাজমা দিয়ে। ধন জমা কৰাৰ পাছতেই পুনৰ বিদ্যুৎ সংযোগ কৰা হয় তেওঁৰ বাসগৃহত।

লক্ষ্ণৌৰ বিদ্যুৎ বিভাগৰ এগৰাকীবিষয়াই এই সন্দৰ্ভত সদৰী কৰা মতে, এই ঘটনাৰ পাছত কোনো ৰাজনৈতিক কাৰণ নাই। তেওঁলগতে কয় যে- 'য'তেই এনেদৰে বিল পৰিশোধ কৰা নহয়, তাতেই বিদ্যুৎ সংযোগ কৰ্তন কৰা হয়।আৰু এয়াও তেনেই এক ঘটনা।'