মুখ্য-পৃষ্ঠা

১০ মাহে নাপালে বেতন! অৱশেষত বিএছএনএলৰ কৰ্মচাৰীৰ আত্মহত্যা…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বিএছএনএলৰ এজনকৰ্মচাৰীয়ে বৃহস্পতিবাৰে বাচি ল'লে আত্মহননৰ পথ। যোৱা ১০ মাহে বেতন লাভ নকৰাৰফলতেই কৰ্মচাৰীগৰাকীয়ে চীপ লৈ আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কেৰালাৰ ৰামকৃষ্ণণ জিলাৰ বণ্ডুৰৰ নিবাসী এইকৰ্মচাৰীগৰাকীয়ে বিএছএনএল কাৰ্যালয়ত চাফাই কৰ্মী হিচাপে বিগত ৩০ বছৰে কাম কৰি আছিল।

ইফালে, শ্ৰমিক সংঘৰ এগৰাকী নেতাই জনাই যে, কৰ্মচাৰীগৰাকীয়ে যোৱা ১০মাহে লাভ কৰা নাছিল বেতন। আৰু যোৱা ১৩০ দিনে তেওঁ নিজৰ প্ৰাপ্য ধনৰ দাবীৰেপ্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু অৱশেষত উপায়ন্তৰ হৈ আত্মহত্যা কৰিলেকৰ্মচাৰীগৰাকীয়ে।