মুখ্য-পৃষ্ঠা

Bridges Over Brahmaputra: ব্ৰক্ষপুত্ৰৰ ওপৰত থকা আটাইকেইখন দলঙৰ বিষয়ে জানেনে?

Asomiya Pratidin

ব্ৰহ্মপুত্ৰ নদী পৃথিৱীৰ ভিতৰতে নৱম সৰ্ববৃহৎ তথা ১৫ তম দীৰ্ঘতম নদী।এই নদীৰ দৈঘ্য ৩,৯৬৯ কিলোমিটাৰ (২,৪৬৬ মাইল), গড় গভীৰতা ৩০ মিটাৰ(১০০ফুট) আৰু অসমৰ শদিয়াত ইয়াৰ সৰ্বাধিক গভীৰতা হৈছে ১৩৫ মিটাৰ (৪৪০ ফুট)।আনহাতে, ব্ৰহ্মপুত্ৰ ভাৰতৰ একমাত্ৰ ‘পুৰুষ’ নদী।

ব্ৰহ্মপুত্ৰ-অসম আৰু অসমীয়া এক এৰাব নোৱাৰা সম্পৰ্কৰে বান্ধ খাই আছে।ব্ৰহ্মপুত্ৰ অসমীয়াৰ জীৱন ৰেখা। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতেও ব্ৰহ্মপুত্ৰ নদীৰ ইতিহাস আছে।প্ৰাগজ্যোতিষ-কামৰূপ-অসমৰ সভ্যতাক ব্ৰহ্মপুত্ৰ কেন্দ্ৰীক সভ্যতা আখ্যা দিব পাৰি।এই নদীখনকে আশ্ৰয় কৰি নানা জাতি-উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ একতা আৰু সমন্বয়ৰে অসমীয়া জাতিক গতি প্ৰদান কৰিলে।ব্ৰহ্মপুত্ৰক অসমত লুইত, বৰলুইত, চিৰিলুইত, তিব্বতত য়াৰলুং চাংপো, অৰুণাচল প্ৰদেশত চিয়াং বা দিহাং নদী আৰু বাংলাদেশত যমুনা নদী বুলিও জনা যায়।

যাতায়তৰ সুবিধাৰ্থে অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৰ্তমানলৈ ৬ খন বৃহৎ দলং নিৰ্মাণ কৰা হৈছে।এই কেইখন হৈছে-

The List of Bridges Over Brahmaputra| ব্ৰক্ষপুত্ৰ নদীৰ ওপৰত থকা দলংকেইখন -

ধলা-শদিয়া দলং

বহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত আটাইতকৈ দীঘল দলঙখনেই হৈছে ধলা-শদিয়া দলং।এই দলংখনক ভূপেন হাজৰিকা সেঁতু নামৰেও জনা যায়।ধলা-শদিয়াৰ দৈঘ্য ৯.১৫ কিলোমিটাৰ।তিনিচুকীয়া জিলাত অৱস্থিত এই দলংখন ২০১৭ চনৰ ২৬ মেত ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল। 

dhola-sadia bridge

নৰনাৰায়ণ সেঁতু

নৰনাৰায়ণ সেঁতু বঙাইজিলাৰ যোগীঘোপাত অৱস্থিত।১৬শ শতিকাৰ কোঁচ ৰজা নৰনাৰায়ণৰ নামত এই সেঁতুখন নিৰ্মাণ কৰা হৈছে৷যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰাৰ উদ্দেশ্যে ১৯৮৩ চনৰ ১১ নৱেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নৰনাৰায়ণ সেঁতুৰ আধাৰশিলা স্থাপন কৰিছিল৷ই এখন ৰে'লপথ সংযোগী দলং। ইয়াৰ ৰে'লপথে যোগীঘোপা ষ্টেছনক কামাখ্যা জংছনলৈ সংযোগ কৰিছে৷ ১৯৯৮ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আনুষ্ঠানিকভাৱে নৰনাৰায়ণ সেঁতু উদ্বোধন কৰে৷নৰনাৰায়ণ সেঁতুৰ দৈৰ্ঘ্য ২.২৮৪ কিলোমিটাৰ৷ বহল ১১.৫০ মিটাৰ আৰু গভীৰতা ১৮.৫০ মিটাৰ৷

বগীবিল দলং

এই দলংখনৰ দৈঘ্য ৪.৯৪ কিলোমিটাৰ।বগীবিল দলঙে ধেমাজি আৰু ডিব্ৰুগড় জিলাক সংযোগ কৰিছে।এই দলংখন ২০১৮চনৰ ২৫ ডিচেম্বৰত ৰাইজৰ বাবে মুকলি কৰা হৈছিল।

শৰাইঘাট দলং

শৰাইঘাট দলং ব্ৰহ্মপুত্ৰ দলঙৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লপথযুক্ত দলং। ১৯৬৩ চনৰ ৭ জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এই দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে। এই দলঙখনৰ ওপৰেদি ৰাষ্ট্ৰীয় ঘাইপথ আৰু তলেদি আছে ৰেলপথ।বৰ্তমান দলঙখনৰ চোৱা-চিতাৰ কৰাৰ দায়িত্বত আছে উত্তৰ-পূৱ সীমান্ত ৰেলৱে। গুৱাহাটীৰ জালুকবাৰী আৰু কামৰুপ (গ্ৰাম্য)জিলাৰ আমিনগাঁও সংযোগী এই দলংখনৰ দৈঘ্য ১.৪৯ কিলোমিটাৰ।

saraighat bridge

কলীয়া ভোমোৰা দলং

শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী কলীয়া ভোমোৰা দলঙৰ মুঠ দৈঘ্য ৩.৩ কিলোমিটাৰ। এই দলঙখন ১৯৮৭ চনৰ ১৪ এপ্ৰিলত তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে মুকলি কৰিছিল।

নতুন শৰাইঘাট দলং বা শৰাইঘাটৰ দ্বিতীয় দলং

এই দলংখন পুৰণি শৰাইঘাট দলঙৰ কাষতে অৱস্থিত।অসমৰ উত্তৰ আৰু দক্ষিণপাৰ সংযোগী  এই এখলপীয়া পথ দলংখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আমিনগাঁও আৰু দক্ষিণপাৰৰ পাণ্ডুৰ মাজত সংযোগ স্থাপন কৰিছে।তিনি লেনযুক্ত এই দলংখন ২০১৭ চনৰ ২৮ জানুৱাৰীত তদানীন্তন কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীয়ে উদ্বোধন কৰিছিল।

new saraighat bridge