মুখ্য-পৃষ্ঠা

শাস্তিযোগ্য অপৰাধ হোৱাৰ দিশে তিনি তালাক, অধ্যাদেশত অনুমোদন কেবিনেটৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা তিনিবাৰ তালাক উচ্চাৰণ কৰিলে যাবলগীয়া হ'ব পাৰে জেললৈ। একাধিক বিতৰ্কৰ মাজতে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বুধবাৰে কেন্দ্ৰীয় কেবিনেটে তিনি তালাক বিধেয়কৰ অধ্যেদেশত অনুমোদন জনায়।

মুছলমান মহিলাকসকলক সুৰক্ষা দিবৰ বাবে মোডী চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক লৈ দেশজুৰি বিগত সময়ছোৱাত সৃষ্টি হৈ আহিছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।

উল্লেখ্য যে, যোৱা ডিচেম্বৰতে লোকসভাত গৃহীত হৈছিল এই বিধেয়কখন। কিন্তু ৰাজ্যসভাত বিধেয়কখন গৃহীত নোহোৱাত আইনৰ ৰূপ লোৱাতো সম্ভৱ হৈ উঠা নাছিল।

বুধবাৰে কেবিনেটে অধ্যেদেশত অনুমোদন জনালেও উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশ অনুযায়ী সম্পূৰ্ণৰূপে আইনৰ মৰ্যাদা পাবলৈ হ'লে পুনৰ সংসদত উত্থাপন কৰিব লাগিব এই বিধেয়কখন।