মুখ্য-পৃষ্ঠা

বিপিএফৰ ৩বিধায়কে যোগ দিব বিজেপিতঃ এই ইংগিত সভাপতিৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ পাছত এইবাৰ পদত্যাগৰ ধুমুহাত হয়তো বিধ্বস্ত হ'ব হাগ্ৰামা মহিলাৰী। এই ইংগিত দিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। শুকুৰবাৰে সংবাদমাধ্যমৰ আগত কলিতাই ক'লে- বিহুৰ আগে পিছেই আপোনালোকে ভাল খবৰ পাব ।

এক সূত্ৰৰ খবৰ অনুসৰি, বি পি এফৰ ৩বিধায়কে অচিৰেই যোগদান কৰিব বিজেপিত। ইতিমধ্যে ৩বিধায়কে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। সকলো ঠিকে ঠাকে থাকিলে হাগ্ৰামা মহিলাৰীৰ সংগ এৰিব এই তিনি বিধায়কে।