মুখ্য-পৃষ্ঠা

বিহাৰৰ মুখ্যমন্ত্ৰীৰ গালৈ চেন্দেল দলিয়াই আটক যুৱক

asomiyapratidin

ডিজিটেল ডেস্কঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ গালৈ চেন্দেল দলিয়াই আটক হ'ল এজন যুৱক। জানিব পৰা মতে, বৃহস্পতিবাৰে পাটনাৰ বাপু সোভাগাৰত জনতা দল ইউনাইটেডৰ যুৱ মৰ্চাৰ এক অনুষ্ঠানত অংশ লোৱা মূহুৰ্তত এজন যুৱকে মঞ্চত উপৱিষ্ট নীতিশ কুমাৰলৈ লক্ষ্য কৰি চেন্দেল দলিয়ায়।

অৱশ্যে যুৱকজনে দলিওৱা চেন্দেল সৌভাগ্যক্ৰমে মুখ্যমন্ত্ৰীগৰাকীৰ গাত নালাগে। সেই সময়ত মঞ্চত মুখ্যমন্ত্ৰীগৰাকীৰ উপৰিও জেডিইউৰ প্ৰদেশ অধ্যক্ষ বশিষ্ঠ নাৰায়ণ সিং সহ আন কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছিল। মুখ্যমন্ত্ৰীক আক্ৰমণৰ চেষ্টা চলোৱা যুৱকজনৰ পৰিচয় ঔৰাংগাবাদ নিৱাসী চন্দন বুলি আৰক্ষেীয়ে চিনাক্ত কৰিছে।

আনহাতে এক সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি অনুসৰি আৰক্ষীয়ে যুৱকজনক আটক কৰাৰ পূৰ্বেই অনুষ্ঠানখনত উপস্থিত থকা জনতাই যুৱকজনক মাৰধৰ কৰে। বিহাৰত দীৰ্ঘদিন ধৰি চলি থকা সংৰক্ষণৰ দাবীক লৈয়ে যুৱকজনে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে।