মুখ্য-পৃষ্ঠা

বৰক্ষেত্ৰীৰ ছিদালকুছিত গণেশ পূজা মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ, ধৰ্মসভাত স্মৃতিগ্ৰন্থ সুৰাগ্ৰজ মঙ্গলমূৰ্তি উন্মোচন

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ছিদালকুছি লছিমাত গণেশ চতুৰ্দশীৰ পৰা ছয়দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে গণেশ পূজা মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ । সোমবাৰে আবেলি এক আধ্যাত্মিক পৰিৱেশত অনুষ্ঠিত ধৰ্মসভাত ৰূপালী জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থ "সুৰাগ্ৰজ মঙ্গলমূৰ্তি" উন্মোচন কৰা হয় । লীলাধৰ পাঠকৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থখন উন্মোচন কৰে দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক দেৱেন্দ্ৰ ডেকাই ।

গণেশ মন্দিৰৰ পূজাৰী উপেন্দ্ৰ দেৱে উদ্দেশ্য ব্যাখ্যা কৰা ধৰ্মসভাখনত সভাপতিত্ব কৰে ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰমেশ চন্দ্ৰ ৰামচিয়াৰীয়ে ।স্মৃতিগ্ৰন্থ উন্মোচন কৰি অধিনায়ক দেৱেন্দ্ৰ ডেকাই ভাষণ প্ৰসংগত স্মৃতিগ্ৰন্থ 'সুৰাগ্ৰজ মঙ্গলমূৰ্তি'য়ে ছিদালকুছি গণেশ মন্দিৰৰ পচিশ বছৰীয়া স্মৃতিবোৰৰ লগতে বৰ্তমান আৰু ভৱিষ্যতৰ সম্ভাৱনাক প্ৰতিফলিত কৰিব পাৰিব বুলি উল্লেখ কৰে । ধৰ্মসভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি যোগগুৰু খগেন্দ্ৰ নাথ মেধিয়ে ধৰ্ম আৰু আধ্যাত্মিক দিশত বিস্তৃত ব্যাখ্যা দাঙি ধৰে ।

স্মৃতিগ্ৰন্থৰ সম্পাদক লীলাধৰ পাঠকেও স্মৃতিগ্ৰন্থৰ প্ৰাসংগিকতা সম্পৰ্কত বক্তব্য আগবঢ়ায় । বৰক্ষেত্ৰীৰ জ্যেষ্ঠ সাংবাদিক কনক কলিতাই আঁত ধৰা ধৰ্মসভাত স্মৃতিগ্ৰন্থৰ উপদেষ্টা অনন্ত পাঠক , মুনীন্দ্ৰ বৰ্মন, সহকাৰী সম্পাদকদ্বয় ক্ৰমে তফিকুৰ ৰহমান, সুৰজিৎ পাঠককে আদি কৰি কেইবাগৰাকী বিশিষ্ট লোকক উদযাপন সমিতিয়ে সম্বৰ্ধনা জনায় । ধৰ্মসভাত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে ।

উল্লেখ্য যে ৯ ফেব্ৰুৱাৰীৰ পৰা ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা গণেশ পূজাত প্ৰতিদিনে ভক্তৰ সমাগম বৃদ্ধি পাই আহিছে । বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰ লগতে অন্তিমদিনা ১৪ ফেব্ৰুৱাৰীৰ সাংস্কৃতিক সন্ধিয়াত গুৱাহাটীৰ ৰবীন বড়ো আৰু নাগ্ৰীজুলিৰ চিমি বসুমতাৰীয়ে গীত পৰিৱেশন কৰিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সম্পাদক হৰিশংকৰ নাথে ।