মুখ্য-পৃষ্ঠা

ৰাষ্ট্ৰীয় ভলীবল দলত স্থান পালে নগাঁৱৰ আজমল কবিৰে…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আৰ্থিক অনাটনে যে কোনো প্ৰতিভাক বান্ধি ৰাখিব নোৱাৰে এই কথা পুনৰবাৰ প্ৰমাণ হ'ল বটদ্ৰৱাৰ আলীটাঙনিত। নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ আলীটাঙনিৰ ক্ষুদ্ৰ ব্যৱসায়ি তথা উদীয়মান খেলুৱৈ আজমল কবিৰে ভাৰতীয় ভলীবল দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অহা ৩০ অক্টোবৰৰ পৰা নেপালত অনুষ্ঠিত হ'ব লগা চাউথ এছিয়ান গেমছত ভাৰতীয় দলৰ হৈ খেলিব অসম সন্তান আজমল কবিৰে।

আলীটাঙনিৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত মৌলানা আব্দুছ সাহিদৰ কনিষ্ঠ পুত্ৰ আজমল কবিৰৰ এই সফলতাৰ বাবে বৃহত্তৰ আলীটাঙনি অঞ্চলত উঠিছে আনন্দ উল্লাসৰ জোৱাৰ। স্বৰ্ন কণ্যা হিমা দাসৰ জন্মস্থান ধিঙৰ কাষৰীয়া অঞ্চলৰ পৰা পুনৰ আন এজন খেলুৱৈয়ে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিৰ্বাচিত হোৱাত মংগলবাৰে আলীটাঙনি চাৰিআলিত স্থানীয় ব্যৱসায়ী সন্থা, বটদ্ৰৱা সাংবাদিক সন্থা, আলীটাঙনি আঞ্চলিক আমছুৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আজমল কবিৰক সম্বৰ্ধনা জনায়।