বিডিএফৰ বৰাক বন্ধৰ আহ্বানঃ বিজেপিৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যাৰ অভিযোগ
বিডিএফৰ বৰাক বন্ধৰ আহ্বানঃ বিজেপিৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যাৰ অভিযোগ 
মুখ্য-পৃষ্ঠা

বিডিএফৰ বৰাক বন্ধৰ আহ্বানঃ বিজেপিৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যাৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে ১৮ নৱেম্বৰত আহ্বান কৰা ১২ ঘণ্টীয়া বন্ধ প্ৰত্যাহাৰৰ বাবে আৰক্ষী প্ৰশাসনে ভাবুকি ভৰা জাননী প্ৰেৰণ কৰাক লৈ খৰ্গহস্ত হৈ পৰিছে সংগঠনটো। বৰাকত চাকৰি প্ৰাৰ্থীসকলৰ বঞ্চনা আৰু মেঘালয়ত অ-জনজাতীয় লোকসকলৰ অপ্ৰৰোচিত আৰু নিৰন্তৰ অত্যাচাৰৰ বিৰুদ্ধে সংগঠনটোৱে আহ্বান কৰিছিল ১২ ঘণ্টীয়া বৰাক বন্ধ।

এক প্ৰেছ বিবৃতিত বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্তৰায়ে কয় যে, বিগত ১০ নৱেম্বৰত সংগঠনটোৰ দাবীসমূহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তথা অসম চৰকাৰক অৱগত কৰিছিল। সেই দাবী ৭ দিনৰ ভিতৰত মানি নললে ১৮ নৱেম্বৰত বৰাক বন্ধ ঘোষণা কৰা হব বুলি উল্লেখ কৰি এই বন্ধ বৰাক বাসীক পালন কৰিবলৈ কোৱা হৈছিল।

তেওঁ কয়, যদি চৰকাৰে সেই দাবীসমূহ পূৰণ কৰে তেন্তে বন্ধ প্ৰত্যাহাৰ কৰাৰ কথা চিন্তা কৰিব সংগঠনটোৱে। কিন্তু তাকে নকৰি আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যিদৰে হুমকি দি জাননী প্ৰেৰণ কৰিছে সেয়া অতি দুৰ্ভাগ্যজনক। তেওঁ কয় যে আকসাৰ সভাপতি থকা কালত তেওঁ ১০ বছৰত ৩৬ টা বন্ধ পালন কৰিছিল। কিন্তু কেতিয়াও এনে হুমকি ভৰা জাননী লাভ কৰা নাছিল। সেই সময়ত তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে বহুবাৰ তেনে বন্ধ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল।

 প্ৰদীপ দত্ত ৰয়ে কয় যে, প্ৰশাসনৰ এনে ভাবুকি ভৰা পত্ৰক লৈ তেওঁলোক একেবাৰে চিন্তিত নহয়। কিয়নো তেওঁলোকৰ দাবীসমূহক লৈ জনসাধাৰণ একমত। সেয়ে এই বন্ধ সফল হব। আনহাতে বি ডি এফ মিডিয়া চেলৰ আহ্বায়ক জয়দীপ ভট্টাচাৰ্যই কয়, প্ৰশাসনে প্ৰেৰণ কৰা জাননীখনেত উল্লেখ কৰিছে বি ডি এফে কিছুমান অসামাজিক কাৰ্যকলাপৰ পৰিকল্পনা কৰিছে।তেওঁৰ মতে এটা ৰাজনৈতিক দলে বন্ধৰ আহ্বান জনাব পাৰে। এই অধিকাৰ সংবিধানৰ দ্বাৰা স্বীকৃত। এই আহ্বানৰ প্ৰতি সমৰ্থন জনাব নে নাই সেয়া জনসাধাৰণৰ কথা। গতিকে আৰক্ষী বিষয়াৰ পৰা এই জাননী লাভ কৰি তেওঁলোক আচৰিত হৈছে।

তেওঁ কয় যে. বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা প্ৰশাসনিক ভাবুকি, মিছা গোচৰৰে দমন আদিৰ জৰিয়তে যিকোনো গণতান্ত্ৰিক কণ্ঠ অৱৰোধ কৰাৰ প্ৰৱণতা অধিক হৈছে। এয়া এক স্বাস্থ্যকৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বাবে সতৰ্কবাণীৰ লক্ষণ। সেয়ে প্ৰতিজন গণতন্ত্ৰপ্ৰেমী নাগৰিকে ইয়াৰ বিৰুদ্ধে থিয় দিব লাগিব। অন্যথা, যিকোনো লোক এনে প্ৰশাসনিক পক্ষপাতিত্ব আৰু হাৰাশাস্তিৰ সন্মুখীন হ'ব পাৰে।

বি ডি এফৰ কেন্দ্ৰীয় সমিতিৰ আন এজন নেতা খাইদেম কান্ত সিঙে কয় যে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি আই, আমৰা বাঙালী, বঙালী নৱনিৰ্মাণ সেনা, অসম মজুৰী কৰ্মী সংঘ, সামাজিক সম্প্ৰীতিৰ বাবে মঞ্চ, মাৰ্চ ফৰ চাইন্সকে ধৰি বহুতো দল আৰু সংগঠনে ইতিমধ্যে এই বন্ধৰ প্ৰতি সমৰ্থন আৰু সক্ৰিয় সহযোগিতাৰ আশ্বাস দিছে। যিয়ে এই দাবীৰ প্ৰাসংগিকতাক প্ৰমাণ কৰে।

তেওঁ কয়, এই বন্ধৰ সমৰ্থনকাৰী আৰু আহ্বায়ক সকলো দল আৰু সংগঠন গণতান্ত্ৰিক আদৰ্শত বিশ্বাসী। সেয়েহে, বন্ধৰ সময়ত কোনো ধৰণৰ বলপূৰ্বক বা হিংসাৰ প্ৰশ্নই নাই, বা কোনো চৰকাৰী সম্পত্তি নষ্ট হোৱাৰ কোনো সম্ভাৱনা নাই। এই বন্ধ সম্পূৰ্ণশান্তিপূৰ্ণ হ'ব।

তেওঁ অৱশ্যে জোৰ দি কয় যে. তেওঁলোকৰ ওচৰত তথ্য আছে বিজেপি যুৱ মৰ্চাৰ কিছুমান সদস্যই এই বন্ধ বিফল কৰাৰ পৰিকল্পনা কৰিছে। তেওঁলোকে উত্তেজনা আৰু হিংসাৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে। সেয়েহে, তেওঁ প্ৰশাসনক এই ক্ষেত্ৰত বিশেষভাৱে সাৱধান হ'বলৈ আহ্বান জনাইছে। একে সময়তে, তেওঁ জনসাধাৰণক কোনো ধৰণৰ উচতনিৰ প্ৰতি মনোযোগ নিদিবলৈ আহ্বান জনায়।