delhi airport
delhi airport  
মুখ্য-পৃষ্ঠা

মস্কোৰ পৰা দিল্লীলৈ অহা বিমানত বোমাতংক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লী বিমানবন্দৰত বোমাতংক। পুৱা ৩ বজাত মস্কোৰ পৰা দিল্লীলৈ অহা এখন বিমানত এটা বোমা থকাৰ খবৰ পোৱা গৈছে। ইয়াৰ পিছতে বিমানখনৰ পৰা বোমা উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী উপস্থিত হৈছে।

বিমানখনত থকা প্ৰতিজন যাত্ৰীৰে লাগেজসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে। আৰু যাত্ৰীসকলক সংযম ৰাখিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, মাত্ৰ ১০ দিন পূৰ্বে ইৰাণৰ এখন যাত্ৰীবাহী বিমানত বোমা থকাৰ খবৰ পোৱা গৈছিল।

অৱশ্যে পিছত এই খবৰ ভুল বুলি প্ৰমাণিত হৈছিল। দৰাচলতে ইৰাণৰ সেই বিমানখনত বিস্ফোৰক থকা বুলি জানিব পাৰি বিমানখনৰ পাইলটে দিল্লীত অৱতৰণৰ অনুমতি বিচাৰিছিল। কিন্তু এ টি চিয়ে দিল্লীৰ পৰিৱৰ্তে জয়পুৰ বা চণ্ডিগড়লৈ যাবলৈ কৈছিল। অৱশ্যে বিমানখন চীনৰ গুয়াংঝৌ বিমানবন্দৰত হে অৱতৰণ কৰিছিল। অনুসন্ধানৰ পিছত বিমানখনত কোনো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ নহ'ল।