মুখ্য-পৃষ্ঠা

মহ-ছাগলী-হাঁহ বলিৰে ৰাজ্যৰ ভিন্ন দেৱালয়ত দেৱী আৰাধনা…

asomiyapratidin

ডিজিটেল ডেস্কঃ আজি সপ্তমী। দুৰ্গতিনাশিনী শক্তিৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ স্তুতি ,অৰ্চনা আৰাধনাত বুৰ গৈছে সমগ্ৰ দেশ। কোৰোনা বিভীষিকাৰ মাজতে সমগ্ৰ ৰাজ্যত  পৰম্পৰাগতভাবে  দেৱী বন্দনাৰ মহা আয়োজন চলিছে। পৰম্পৰাগতভাবে মহালয়াৰ পৰা বিভিন্ন তীৰ্থস্থানত আৰম্ভ হৈছে বলি বিধানেৰে দেৱী পূজা।

প্ৰাপ্ত খবৰ অনুসৰি, কামাখ্যত এইবাৰ বলিৰ বাবে সাজু কৰা হৈছে ৪টা মহৰ লগতে শতাধিক ছাগলী-হাঁহ। কমিটিৰ পৰা বলি বিধানৰ বাবে ঠিক কৰা ৪টা ম'হৰ ভিতৰত ১টা মহৰ বলি সপ্তমীৰ দিনাই দিয়া হৈছে।ইফালে শদিয়াৰ কেচাইখাইটিঁ, নলবাৰী বিল্লেশ্বৰ দেৱালয়, ধুবুৰীৰ মহামায়া দেৱালৰ লগতে গোৱালপাৰাৰ তুক্ৰেশ্বৰীৰ দেৱালয়ত শ-শ ছাগলী হাঁহক বলি দিয়া হব বুলি জানিব পৰা গৈছে।

ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত হাৰ্হি দেৱালয়ৰ পূজা সমিতিৰ সভাপতি মুনিন বৰঠাকুৰ ,সম্পাদক মোহিনী শইকীয়াই  জনোৱা মতে বিয়লি পৰ্যন্ত মুঠ ৯০ টা হাঁহ , ৪১ ছাগলী  বলি দি দেৱী পূজা কৰিছে । ইফালে শিৱসাগৰৰ দেৱী দল আৰু গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰতো বলি বিধানেৰে দেৱীক আৰাধনা কৰিব।