মুখ্য-পৃষ্ঠা

বকোত ৰাভা হাছং সংগ্ৰাহলয়ক কেন্দ্ৰ কৰি হোৱা সংঘাতত চেপা উত্তেজনা…

asomiyapratidin

ডিজিটেল সংবাদ,বকোঃ কামৰূপ জিলাৰ বকোত ৰাভা হাছং সংগ্ৰাহলয়ক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ ঘটনাই  শুকুৰবাৰেও চেপা উত্তেজনা বিৰাজ কৰিছে । বৃহস্পতিবাৰে বকোৰ বকো-শনিবৰীয়াপথত থকা ৰাভা হাছং সংগ্ৰাহলয়ত ৰাভা হাছং সংগ্ৰাহলয় পৰিচালনা সমিতি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মাজত সংঘাতৰ সৃষ্টি হোৱাৰ পিছত সন্ধিয়া ৰাভা হাছং সংগ্ৰাহলয় পৰিচালনা সমিতৰ সভাপতি-সম্পাদক ক্ৰমে – ডা৹ শৰৎ চন্দ্ৰ ৰাভা , বেনুধৰ ৰাভাকে ধৰি প্ৰবীণ ৰাভাই সংবাদমেলৰ আয়োজন কৰিছিল।

সংবাদমেলত ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা আৰু প্ৰতিনিধিক অৰ্জুন চেত্ৰীকে ধৰি ২০ জনীয়া দল এটাই সংগ্ৰাহলয়ত গুণ্ডাগিৰী কৰাৰ লগতে ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী টংকেশ্বৰ ৰাভাই সমাগত ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদীয় নিৰ্বাচনত শোচনীয় পৰাজয়ৰ শংকাত পাগলৰ দৰে আচৰণ কৰি মাটি-বাৰীৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠান দখলত নামি পৰা বুলি অভিযোগ উত্থাপন কৰিছিল। তাৰ পাছতেই শুকুৰবাৰে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়েও এখন সংবাদমেলৰ আয়োজন কৰে । বকো পৰ্যটন ভৱনত আয়োজন কৰা সংবাদমেলখনত ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যাবাহী সদস্য সুমিত ৰাভাই  ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা ৰাভা হাছং সংগ্ৰাহলয় পৰিচালনা সমিতিৰ সভাপতি ডা৹ শৰৎ ৰাভাই কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি ষ্পষ্ট কৰি দিয়ে। শুকুৰবাৰে  সংবাদমেলত কাৰ্যবাহী সদস্য গৰাকীয়ে সংগ্ৰহালয়ত বিভিন্ন সমাজ-সংগঠনৰ নেতা-কৰ্মী উপস্থিত থকাৰ মাজত গুণ্ডাগিৰী কৰাৰ অভিযোগ তেনেই অপ্ৰাসংগিক আৰু মিথ্যাচৰ বুলি উল্লেখ কৰে ।

সংগ্ৰাহলয়টোৰ নামত বিভিন্ন সময়ত খৰছ কৰা চৰকাৰী ধন ৪৮ লাখ টকাৰো তথ্য সাংবাদিকৰ সন্মুখত দাঙি ধৰে । চৰকাৰী ধন খৰচ কৰি নিৰ্মাণ কৰা সংগ্ৰহালয়টো ডা৹ শৰৎ চন্দ্ৰ ৰাভা এণ্ড কোম্পানীয়ে যোৱা ২০ বছৰে ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ কৰে। সংগ্ৰাহলয়টোৰ উন্নয়নৰ স্বাৰ্থত বকো ৰাজহ চক্ৰ বিষয়া, বকো ভাৰপ্ৰাপ্ত বিষয়াক সংগ্ৰহালয়টো পৰ্যবেক্ষণ কৰিবলৈ আমন্ত্ৰণ জনোৱাত ডা ৹ শৰৎ চন্দ্ৰ ৰাভা আৰু কোম্পানীহে বাধা হৈ পৰিছে বুলি কাৰ্যবাহী গৰাকীয়ে  কয় ।

 সংবাদমেলখনত অংশগ্ৰহণ কৰা ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখ্যসম্পাদক ননীগোপাল ৰাভাই ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী টংকেশ্বৰ ৰাভাই সমাগত নিৰ্বাচনত শোচনীয় পৰাজয়ৰ আশংকাত শংকিত হোৱা বুলি ডা৹ শৰৎ চন্দ্ৰ ৰাভাই  কোৱা কথাটো তেনেই হাস্যকৰ বুলি উল্লেখ কৰি ডা৹ শৰৎ চন্দ্ৰ ৰাভা এগৰাকী গণভিত্তিহীন লোক বুলি প্ৰকাশ কৰে ।

 সাহস আছে যদি  শৰৎ চন্দ্ৰ ৰাভাক  ২০২৪ বৰ্ষত বকো পৰিষদীয় সমষ্টিত নিৰ্বাচন খেলি বিজয়ী হৈ  দেখুৱাবলৈ কাৰ্যবাহী সদস্য সুমিত ৰাভাই প্ৰত্যাহ্বান জনায় । আনকি যোৱা পৰিষদীয় নিৰ্বাচনত ডা৹ শৰৎ চন্দ্ৰ ৰাভাই নিজৰ পত্নীক অৱতীৰ্ণ কৰাই জিকিব নোৱাৰিলে বুলিও উল্লেখ কৰে।

ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী হৈ থকোতে দুৰ্নীতিৰে পৰ্বতসম সা-সম্পদ গঢ়া ডা৹ শৰৎ চন্দ্ৰ ৰাভাই গুৱাহাটীত থাকি ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদীয় এলেকাৰ মানুহৰ কথা ভাবিব নোৱাৰে বুলিও সংবাদ মেলত মুখ্যসম্পাদক ননীগোপাল ৰাভাই ক্ষোভেৰে কয় । ৰাভা হাছং সংগ্ৰাহলয়টো ৰাজহুৱা সম্পত্তি । 

ডা৹শৰৎ চন্দ্ৰ ৰাভা আৰু তেওঁৰ কোম্পানীয়ে নিজৰ দখলত ৰখাৰ কথা কোনো কাৰণতে সহ্য কৰা নহ'ব ।নিজৰ দখলত ৰখাৰ ষড়যন্ত্ৰ কৰিলে ইয়াৰ বাবে হ'ব পৰা যি কোনো পৰিস্থিতিৰ বাবে ডা৹ শৰৎ চন্দ্ৰ ৰাভা এণ্ড কোম্পানীয়ে দায়ী হ'ব বুলিও সংবাদ মেলখনত একপ্ৰকাৰ তীব্ৰ সকিয়নি দিয়ে।

ৰাভা হাছং সংগ্ৰাহলয়ৰ লগতে মাটিখিনি ব্যক্তিগত সম্পত্তি কৰাৰ ষড়যন্ত্ৰৰে শেহতীয়াকৈ ৰাভা হাছং সংগ্ৰাহলয়ৰ সলনি পুৰাতত্ব আৰু প্ৰত্নতাত্ত্বিক সমাজ বুলি নতুন নামকৰণ কৰা বুলিও সংবাদ মেলত গুৰুতৰ অভিযোগ কৰে । শুকুৰবাৰে সংবাদমেলত ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখ্যসম্পাদক ননীগোপাল ৰাভাৰ উপৰিও কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভা , কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী জোনালী ৰাভা, ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সোণাৰাম ৰাভা , আদিত্য ৰাভা, ফ্ৰায়লিন আৰ মাৰাক, প্ৰতিনিধি অৰ্জুন চেত্ৰী,কামৰূপ জিলা পৰিষদৰ উপ-সভাপতি কাম্বুৰাম ৰাভা, সদস্য সভা ৰাভা, কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বিদ্যা ৰাভা , বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে – সুজিত ৰাভা, দিব্য ৰাভাকে ধৰি বহু নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে । সংবাদমেলত ৰাভা হাছং সংগ্ৰাহলয় উন্নয়ন কৰাৰ বাবে সুমিত ৰাভাক সভাপতি আৰু ননীগোপাল ৰাভাক সম্পাদক হিচাপে লৈ এখন অনুমোদিত সমিতি গঠন কৰাৰ তথ্য পাতিও সংবাদমেলত সদৰি কৰে ।

 উল্লেখযোগ্য যে বকোৰ ৰাভা হাছং সংগ্ৰাহলয়ৰ নামত আবণ্টন দিয়া ২০ লাখ টকাৰে সংগ্ৰাহলয়টোৰ উন্নয়নৰ কাম-কাজ কৰিবলৈ গঠিত সভাপতি-সম্পাদক সুমিত ৰাভা আৰু ননীগোপাল ৰাভা দায়িত্ব অৰ্পণ কৰা সমিতিখনৰ সৈতে পূৰ্বৰে পৰা থকা সভাপতি-সম্পাদক ক্ৰমে- ডা৹ শৰৎ চন্দ্ৰ ৰাভা আৰু বেনুধৰ ৰাভাৰ পৰিচালনা সমিতিৰ মাজত সংঘাত চলি আছে । সম্প্ৰতি এই সংঘাতৰ মুকলি প্ৰকাশ হৈছে ।