মুখ্য-পৃষ্ঠা

বকোত অগ্নিদগ্ধ হৈ মহিলাৰ মৃত্যু, স্বামীৰ মতে…

asomiyapratidin

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত এগৰাকী মহিলাই অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত পাৰোগাঁৱত দেওবাৰে সন্ধিয়া লীলাৱতী ৰাভা (৪০) নামৰ মহিলা এগৰাকীয়ে ভাত ৰান্ধি থকা অবস্থাত বেয়াকৈ অগ্নিদগ্ধ হয় ।

মহিলা গৰাকীক লগে লগে ৩০ খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰায় যদিও সংকটজনক অৱস্থাত চিকিৎসালয়ৰ পৰামৰ্শ মতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে মহিলা গৰাকীৰ মৃত্যু হয় । সম্প্ৰতি বকো থানাত থকা মহিলা গৰাকীৰ মৃতদেহ কিছু সময় পিছতে মৰনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।

আনহাতে অগ্নিদগ্ধহৈ মৃত্যু হোৱা মহিলা গৰাকীৰ স্বামী দ্বীপেন ৰাভাই দাবী কৰা মতে তেওঁৰ পত্নী লীলাৱতী ৰাভাই প্ৰায়েই মদ্যপান কৰিছিল।কালি ঘৰত কোনো নথকা সময়ত ভাতৰান্ধি থকা অবস্থাত শৰীৰত জুই লগে । বুকু, মূৰ, মুখমণ্ডলকে ধৰি শৰীৰৰ বিভিন্ন অঙ্গ জ্বলি যোৱা মহিলা গৰাকীৰ মৃত্যুৰ ক্ষেত্ৰত অবশ্যে আৰক্ষীয়ে সন্দেহ নকৰাকৈ থকা নাই ।