মুখ্য-পৃষ্ঠা

বকোত পুনৰ মেঘালয়ৰ আগ্ৰাসন অসমৰ মাটিত নিৰ্মাণ কৰিলে পথ…

asomiyapratidin

ডিজিটেল সংবাদ,বকো: কামৰূপ জিলাৰ বকোত মেঘালয়ে আগ্ৰাসন চলাই অহাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যহত থকাৰ সময়তে অসমৰ মাটিত পুনৰ পথ নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনকি অসম বিদ্বেষী লোকে অসমৰ লোকক হাতে হাতে শিলগুটিলৈ আক্ৰমণ কৰিবলৈ পৰ্যন্ত উদ্যত হয়। ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত হুৱাপাৰা গাঁৱত থকা হো হোৱা পৰ্যটন স্থলীলৈ যোৱা পথটো মেঘালয় চৰকাৰে নিজৰ বুলি দাবী কৰি আজি পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে।

 অৱশ্যে পথটোৰ কিছু অংশ পূৰ্বতে মেঘালয় চৰকাৰে নিৰ্মাণ কৰিছে।পথ নিৰ্মাণৰ কাম কিছুদিন বন্ধ আছিল যদিও মংগলবাৰে পুনৰ পুৱাৰে পৰা  নিৰ্মাণ আৰম্ভ কৰে। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত বকো আৰক্ষীৰ দল এটা আৰু সমাজ-সংগঠনৰ নেতা-কৰ্মী পথ নিৰ্মাণ কৰা স্থানত উপস্থিত হয়। লগে লগে দুখন গাড়ীৰে মেঘালয়ৰ পৰা মেঘালয় আৰক্ষীৰ দলেও পথ নিৰ্মাণ কৰি থকা স্থানত উপস্থিত হয়। ফলত সেই ঠাইৰ মেঘালয় বিদ্বেষী লোকে বকো আৰক্ষীৰ দল আৰু সমাজ-সংগঠনৰ নেতা-কৰ্মী সকলক শিলগুটিৰে আক্ৰমণ কৰিবলৈ উদ্যত হয়।

 প্ৰাণৰ ভয়ত সমাজ-সংগঠনৰ নেতা-কৰ্মীসকলে সেই স্থান ত্যাগ কৰে। আনহাতে বকো আৰক্ষীৰ দলটো এতিয়াও হুৱাপাৰা গাঁৱতে আছে বুলি জানিব পৰা গৈছে। তাৰে সুযোগ গ্ৰহণ কৰি মেঘালয়ে পথটো নিৰ্মাণ অব্যাহত ৰাখিছে।উল্লেখযোগ্য যে অসম-মেঘালয়ৰ ৰাজ্যৰ সীমাৰ পৰা প্ৰায় তিনি কিলোমিটাৰ অসমৰ ভূমিলৈ সোমাই আহি মেঘালয়ে হুৱাপাৰা গাঁৱত পথ নিৰ্মাণ কৰি আছে।