মুখ্য-পৃষ্ঠা

বকোৰ নিছলামাৰীত তীব্ৰবেগী মাৰুতী গাড়ীৰ খুন্দাত এজন নিহত…

asomiyapratidin

ডিজিটেল সংবাদ, নগৰবেৰাঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত নিছলামাৰীত আজি ৰাতিপুৱাই সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে এগৰাকী লোকৰ মৃত্যু হোৱাত বৃহত্তৰ অঞ্চলজুৰি চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।জানিব পৰা মতে হেকৰাৰ পৰা মালিবাৰীলৈ গৈ থকা অৱস্থাত এখন তীব্ৰ বেগী মাৰুতিয়ে পথৰ দাঁতিত সমনীয়াৰ সৈতে পথৰ কাষত থিয়হৈ কথা পাতি থকা মৰান দাস(৪৫) নামৰ এগৰাকী লোকক মহটিয়াই নিয়াত লোক জন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।

পিছত ততাতৈয়াকৈ স্থানীয় ৰাইজৰ সহযোগত দূৰ্ঘটনাত আহত লোক জনক স্থানীয় হেকৰা ৰাজ্যিক চিকিৎসালয়লৈ লৈ যোৱা অৱস্থাতে আধাবাটতে তেওঁৰ মৃত্যু হয়। মৃত মৰান দাসৰ ঘৰ নিচলামাৰী গাঁওত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তীব্ৰ গতিত মাৰুতী চলোৱা চালক আয়ুব আলীক মন্দিৰা আৰক্ষীয়ে আটক কৰিছে । দুৰ্ঘটনা সংঘটিত কৰা মাৰুতিখনৰ নম্বৰ AS 01 H – 7445 বুলি জানিব পৰা গৈছে। ইতিমধ্যে মন্দিৰা আৰক্ষীয়ে মৃতদেহটো থানালৈ আনি মৰনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী জি এম চি এইচলৈ লৈ প্ৰেৰণ কৰিছে। ।