মুখ্য-পৃষ্ঠা

বোকাজানত আৰক্ষীৰ অভিযানঃ গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ…

asomiyapratidin

বোকাজানত আৰক্ষীৰ অভিযানঃ গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ…

 ডিজিটেল সংবাদ বেকাজানঃ অসম নাগালেণ্ড সীমান্তৰ বোকাজানৰ গায়নবাৰী গাঁৱত শুক্ৰবাৰে বোকাজান আৰু বৰহোলা আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুদু গগৈ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ কৰা দুদু গগৈ নামৰ লোকজনৰ ঘৰৰ পৰা আৰক্ষীয়ে প্ৰায় ৪ কেজি ৮০০ গ্ৰাম গাঞ্জা জব্দ কৰে । জানিব পৰামতে দুদু গগৈয়ে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ঘৰত গোপনে মজুত কৰি ৰাখিছিল।

বৰহোলা আৰক্ষীয়ে ইতিমধ্যে আটক কৰা দুদু গগৈৰ বিৰুদ্ধে ৮৫/২০২১ গোচৰ নম্বৰত এক গোচৰ ৰুজো কৰি অধিক তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে। উল্লেখযোগ্য বিগত কিছু দিনৰ পৰা বৰহোলা, বেকাজানকে ধৰি বিভিন্ন অঞ্চলত গাঞ্জাৰ লগতে নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন হৈ থকাৰ অভিযোগ উঠিছে।