মুখ্য-পৃষ্ঠা

কোকৰাঝাৰত এবছুৰ উদ্যোগত বৈশাগু পালন, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ এবছুৰ উদ্যোগত সোমবাৰে কোকৰাঝাৰত উলহ-মালহেৰে বৈশাগু পালন কৰা হয়। কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী খেলপথাৰত এবছুৰ উদ্যোগত অনুষ্ঠিত হোৱা বৈশাগু উৎসৱত পৰম্পৰা অনুসৰি কনিষ্ঠসকলে জ্যেষ্ঠজনক সেৱা কৰে।

উক্ত অনুষ্ঠানত এবছুৰ সভাপতি প্ৰমোদ বড়ো, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মকে ধৰি সমাজৰ বিভিন্ন স্তৰৰ লোকে অংশগ্ৰহণ কৰে । বৈশাগুত অংশগ্ৰহণ কৰা সকলোৱেই গীতৰ তালে তালে নাচি বাগি আনন্দত মতলীয়া হৈ পৰে।

এবছুৰ সভাপতি প্ৰমোদ বড়োই সকলোলৈকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি ধনাত্মক ৰাজনৈতিক পৰিবৰ্তনৰ হকে মাত মাতিছে ।
আনহাতে ইউপিপিএলৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে । বিহুৰ নামতে দুদিনকৈ নিৰ্বাচনী প্ৰচাৰৰ পৰা বিৰত থকা বুলি সদৰি কৰি উৰ্খাও গৌৰা ব্ৰহ্মই সাংবাদিকৰ এক প্ৰশ্নোত্তৰত কোকৰাঝাৰ লোকসভা সমষ্টিত তেওঁৰ বিজয়ক লৈ আশাবাদী বুলি মন্তব্য কৰে ।