মুখ্য-পৃষ্ঠা

দুৰ্ঘটনাৰ আশংকা! ভাৰততো বন্ধ কৰা হৈছে বয়িং ৭৩৭ বিমান সেৱা

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰততো বিমান সেৱা সংস্থা সমূহে বন্ধ কৰি দিছে বয়িং ৭৩৭ শ্ৰেণীৰ বিমান। ভাৰতৰ আগশাৰীৰ বিমান সেৱা আগবঢ়োৱা প্ৰতিষ্ঠান জেট এয়াৰৱেজে তেওঁলোকৰ ৫ খন ৭৩৭ মেক্সৰ উৰণ বন্ধ ৰাখিছে। জেট এয়াৰৱেজৰ শীৰ্ষ সূত্ৰই সদৰি কৰিলে এই কথা।

ইথিওপিয়াৰ এখন ৭৩৭ শ্ৰেণীৰ যাত্ৰী বিমান দুৰ্ঘটনাত পতিত হৈ সকলো বিমানকৰ্মী আৰু যাত্ৰীৰ মৃত্যু হোৱাৰ পাছতে সমগ্ৰ বিশ্বজুৰি এই শ্ৰেণীৰ বিমানৰ সেৱাৰ উৰণ বন্ধ কৰিছে ইটোৰ পাছত সিটো সংস্থাই। ইয়াৰ পূৰ্বে চীনৰ সকলো বয়িং ৭৩৭ মেক্স বিমানৰ উৰণ বন্ধ কৰিছিল দেশখনৰ অসামৰিক পৰিবহন বিভাগে।

উল্লেখ্য যে, এই বিমানখনত পূৰ্বতে ৪ জন ভাৰতীয় যাত্ৰীৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছিল। সেইসকলৰ ভিতৰত ভাৰতীয় বিদেশ মন্ত্ৰণালয়নৰ হৈ কাম কৰা শিখা গাৰ্গ নামৰ এগৰাকী কৰ্মচাৰীও আছিল। ইফালে, গুজৰাটৰ একেটা পৰিয়ালৰ ৬ জন লোকো এই দুৰ্ঘটনাত মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে, এই পৰিয়ালটো কানাডাত থকা সূত্ৰে তেওঁলোকে কানাডাৰ পৰা নাইৰোৱিলা ফুৰিবলৈ গৈছিল। প্ৰবাসী ভাৰতীয় সূত্ৰে তেওঁলোকে কানাডাৰ পাছপ'ৰ্ট ব্যৱহাৰ কৰাৰ বাবে প্ৰথমে এই কথা পোহৰলৈ অহা নাছিল।