মুখ্য-পৃষ্ঠা

মাজুলীৰ নাও দুৰ্ঘটনাৰ উত্তেজনা দূৰ নহওতেই পুনৰ সংঘটিত হ’ল অনুৰূপ ঘটনাঃ বৰ্তমানলৈকে ১১ জনৰ মৃত্যু…

asomiyapratidin

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ ৱাৰ্ধা নদীত এখন ডাঙৰ নাও ডুবি যোৱাৰ ফলত নদীত বৰ্তমানলৈকে ১১ জনকৈ লোক নিহত হোৱাৰ খবৰ লাভ কৰা হৈছে। এই শোকাৱহ নাও দুৰ্ঘটনাটোৰ পিছতে অঞ্চলটোৰ চৌপাশে এক হুলস্থুলীয়া পৰিবেশৰ সূচনা হৈছে।

জানিব পৰা মতে নাওখনত থকা কেইবাজনো লোক বৰ্তমানেও সন্ধানহীন। ইতিমধ্যে সন্ধানহীনসকলক বিচাৰি নদীখনত উদ্ধাৰ অভিযান চলাই থকা হৈছে। শীৰ্ষ প্ৰশাসনিক বিষয়াৰ উপস্থিতিত উদ্ধাৰ অভিযান চলি আছে।

উল্লেখ্য যে বিগত সপ্তাহত মাজুলীত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই পুনৰ দেশত এইদৰে আন এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হোৱাত বিষয়টো যথেষ্ট চৰ্চিত হৈ পৰিছে।