মুখ্য-পৃষ্ঠা

বিজেপিৰ ‘পীতামহ’ আদৱানীৰ চকুত চকুলো… চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বিজেপিৰ পীতামহস্বৰূপ নেতা লালকৃষ্ণ আদৱানীৰ চকুত চকুলো। এখন বিশেষ ছবিয়ে চকুলো বিৰিঙালে তেওঁৰ দুচকুত। সেই বিশেষ ছবিখনৰ নাম- "চিকাৰাঃ দ্য আনট'ল্ড ষ্টৰী অৱ কাশ্মিৰী পণ্ডিতজ'' (Shikara: The Untold Story Of Kashmiri Pandits)। হিন্দী ভাষাৰ ছবিখন বিধু বিনোদ চোপ্ৰাই প্ৰযোজনা কৰিছে। কাশ্মীৰৰ পৰা কাশ্মিৰী পণ্ডিতসকলক নিজৰ প্ৰাণতকৈও আদৰৰ পীঠস্থানৰ পৰা প্ৰস্থান কৰিবলৈ বাধ্য কৰোৱা ঘটনাক বিষয়বস্তু হিচাপে লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছে।

ছবিখন শেষ হোৱাৰ সময়তে হঠাৎ আদৱানীৰ দুচকুৰে চকুলো নিগৰি আহে। তাৰ পিছতে প্ৰযোজকগৰাকী বৰ্ষিয়ান ৰাজনীতিবিদগৰাকীৰ কাষ চাপি আহে। ছবিখন চাই থকাৰ সময়ত আদৱানীৰ লগত আন দৰ্শক সকলো আৱেগিক হোৱা পৰিলক্ষিত হয়।

উল্লেখ্য যে, ৭ ফেব্ৰুৱাৰীত মুক্তি দিয়া হৈছিল ছবিখন। ছবিখনত অভিনয় কৰিছে আদিল খান আৰু চাদিকাই। ২০০৭ বৰ্ষত মৃত্যু হোৱা মাতৃৰ স্মৃতিত ছবিখন অৰ্পন কৰাৰ কথা ঘোষণা কৰিছে প্ৰযোজক বিধু বিনোদ চোপ্ৰাই। ইতিমধ্যে বিজেপিৰ পীতামহস্বৰূপ নেতাগৰাকীৰ চকুলোৰে চকুপানী নিগৰি অহাৰ দৃশ্য ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত।

https://twitter.com/i/status/1225778399659978752