মুখ্য-পৃষ্ঠা

এয়া কংগ্ৰেছৰ বাবে লজ্জাজনকঃ বিজেপি…

asomiyapratidin

ডিজিটেল ডেস্কঃ অৱশেষত বুধবাৰে নিশা চিবিআইয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰামক। পি চিদাম্বৰামক গ্ৰেপ্তাৰৰ পূৰ্বে তেওঁৰ বাসগৃহৰ সন্মুখত এক প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হয়। এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিয়ে। বিজেপিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, কংগ্ৰেছ দলৰ বাবে এয়া অতি লজ্জাজনক ঘটনা। তেওঁলোকৰ দলৰ এজন জ্যেষ্ঠ নেতাই পলাতকৰ দৰে প্ৰথমে ব্যৱহাৰ কৰিছে। বিজেপি প্ৰবক্তা জি বি এল নৰসিংহই কয় যে, এনেকুৱা লাগিছে যে, পি চিদাম্বৰামে নিজকে বিজয় মালিয়া আৰু নীৱ মোডীৰ তালিকাত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে।

উল্লেখ্য যে, প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে অগ্ৰীম জামিনৰ বাবেআৱেদন কৰাৰ পাছত উচ্চতম ন্যায়ালয়ে সেই আৱেদন নাকচ কৰে। তাৰপাছত বুধবাৰে কংগ্ৰেছৰকাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰাৰ পাছত বাসগৃহলৈ উভতি অহা সময়ত চিদাম্বৰামৰবাসগৃহৰ বাহিৰত ভিৰ কৰেহি চিবিআই, ই ডিৰ দলৰ লগতে দিল্লী আৰক্ষীয়েও।

বৰ্তমান পি চিদাম্বৰামক ৰখা হৈছে চিবিআইৰ মুখ্য কাৰ্যালয়ত। তাত আজি ওৰে নিশাজেৰা চলোৱাৰ সম্ভাৱনা আছে। আৰু তাৰপাছত বৃহস্পতিবাৰে পুৱা চিদাম্বৰামক চিবিআইক'ৰ্টত হাজিৰ কৰিব বুলি জানিব পৰা গৈছে।