মুখ্য-পৃষ্ঠা

শুকুৰবাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিব প্ৰাৰ্থী তালিকা…

asomiyapratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ঘোষণা কৰা হ'ব দিল্লীৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা। ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ অধিকাংশই ২০২০ বৰ্ষতো প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা আছে।

বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানৰ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বৃহস্পতিবাৰে দলৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিতিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। ২০২০ বৰ্ষত বিজেপিয়ে ৭৫ বছৰৰ ওপৰৰ বয়সৰ কোনো লোককে দিল্লী বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব নিদিয়ে।