মুখ্য-পৃষ্ঠা

মহাৰাষ্ট্ৰত টিকিবনে বিজেপিৰ চৰকাৰ! পুৱাই NCPৰ শৰদ পৱাৰক সাক্ষাৎ কৰিলে বিজেপি নেতাই…

asomiyapratidin

ডিজিটেল ডেস্কঃ যোৱা শনিবাৰে পুৱা মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ দৃশ্যপট নাটকীয়ভাৱে পৰিৱৰ্তন ঘটি বিজেপিৰ দেবেন্দ্ৰ ফাণ্ডাৱিজে মুখ্যমন্ত্ৰী হিচাপে শপত ললে। কংগ্ৰেছ-শিৱসেনাৰ সৈতে মিত্ৰতাৰে এন চি পিয়ে চৰকাৰ গঠন কৰা সিদ্ধান্তত উপনীত হোৱাৰ পাছতে শনিবাৰে মাজনিশা শৰদ পৱাৰৰৰ ভতিজাক তথা এন চি পি দলৰ নেতা অজিত পৱাৰে বিজেপিৰ সৈতে চামিল হৈ উপ মুখ্যমন্ত্ৰী হিচাপে শপতো ল'লে। ইয়াৰ পাছতে এন চি পি দলে বিধায়িনী দলৰ নেতাৰ পৰা বহিষ্কাৰ কৰে অজিত পৱাৰক।

বিজেপিয়ে চৰকাৰ গঠন কৰিলেও ইতিমধ্যেই স্পষ্ট হৈছে যে, শৰদ পৱাৰৰ সহযোগিতা নাথাকিলে এই চৰকাৰখন অস্থায়ী। কাৰণ কোনোপধ্যেই সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰে বিজেপি আৰু অজিত পৱাৰৰ পক্ষত থক এন চি পি বিধায়কৰ দলে। শনিবাৰে বিয়লিভাগলৈ শৰদ পৱাৰে আয়োজন কৰা সভাত এন চি পিৰ প্ৰায় ৫০ জন বিধায়ক উপস্থিত থকাৰ পাছতে এই কথা অতিকৈ স্পষ্ট হৈছে। খবৰ পোৱা গৈছে যে, এন চি পি নেতৃত্বই মহাৰাষ্ট্ৰৰ এখন হোটেলতে দলৰ সকলো বিধায়কক একেলগে ৰখাৰ ব্যৱস্থায়ো কৰিছে।

যিকোনো মুৰ্হূততে বিজেপিৰ চৰকাৰৰ পতনৰ আশংকাত এতিয়া বিজেপিয়ে শৰদ পৱাৰক সন্তুষ্ট কৰাৰ চেষ্টা কৰিছে। দেওবাৰে পুৱাই শৰদ পৱাৰৰ বাসগৃহত উপস্থিত হৈছেগৈ বিজেপি সাংসদ সঞ্জয় কাকৰে। উল্লেখ্য যে, এইজন সঞ্জয় কাকৰেই কিছুদিনৰ পূৰ্বে মন্তব্য কৰিছিল যে, শিৱসেনাৰ ৪৫ গৰাকী বিধায়ক বিজেপিৰ সৈতে সম্পৰ্কত আছে।

ইফালে হঠাতে মহাৰাষ্ট্ৰত চৰকাৰে লোৱা শপতগ্ৰহণৰ বিৰুদ্ধে শিৱসেনা-এন চি পি আৰু কংগ্ৰেছে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ দেওবাৰে পুৱা ১১.৩০ বজাত শুনানি গ্ৰহণ কৰিব। ইয়াৰ পাছতে দুপৰীয়া ২ বজাত এন চি পিৰ বিধায়িনী দলৰ বৈঠকো আয়োজন কৰা হৈছে।