মুখ্য-পৃষ্ঠা

বিজেপি সাংসদৰ আশ্চৰ্যজনক মন্তব্যঃ শ্বাহীনবাগৰ প্ৰতিবাদকাৰীয়ে আপোনালোকৰ ঘৰত সোমাই ভগ্নী-কন্যাক বলাৎকাৰ-হত্যা কৰিব… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বিজেপি সাংসদ প্ৰৱেশ বাৰ্মাই কয় যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীৰ শ্বাহীনবাগত প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলক এঘণ্টাৰ ভিতৰতে প্ৰতিবাদস্থলীৰ পৰা আঁতৰাব পৰা যাব। তেওঁ লগতে কয় যে, যদি বিজেপি চৰকাৰ দিল্লীত গঠন হয় তেন্তে চৰকাৰী ভূমিত নিৰ্মাণ কৰা মছজিদ সমূহ এমাহৰ ভিতৰতে আঁতৰাই দিব হ'ব।

সাংসদগৰাকীয়ে দিল্লীৰ আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত কয়- 'এয়া কেৱল নিৰ্বাচন নহয়, এয়া হৈছে দেশবাসীয়ে একত্ৰিত হৈ লোৱা এক সিদ্ধান্তৰ নিৰ্বাচন। যদি ১১ ফেব্ৰুৱাৰীত বিজেপি শাসনলৈ আহে তেন্তে শ্বাহীনবাগত আপোনালোকে এজনো প্ৰতিবাদকাৰী দেখিবলৈ নাপাব।'

তেওঁ লগতে কয় যে, 'তাত (শ্বাহীনবাগ) লক্ষাধিকলোক উপস্থিত আছে। দিল্লীবাসীয়ে ভাবিব লাগিব আৰু ল'ব লাগিব সিদ্ধান্ত। তেওঁলোকআপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব। আপোনালোকৰ ভগ্নী-কন্যাৰ বলাৎকাৰ কৰিব আৰু হত্যা কৰিব।আজিয়েই সময় আছে, কাইলৈ মোডীজী আৰু অমিত শ্বাহে কিন্তু আপোনালোকক বচাবলৈ আহিবনোৱাৰিব…'