মুখ্য-পৃষ্ঠা

জনপ্ৰতিনিধিৰ নিৰ্লজ্জ কাণ্ড, নিজৰ ভৰি ধোৱা পানী খুৱালে সমৰ্থকক, চাওঁক ভিডিঅ’

asomiyapratidin

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ এজন বিজেপি সাংসদৰ কৰ্মকাণ্ডই দেশবাসীৰ চকু কপালত তুলিছে। নিশিকান্ত ডুবে' নামৰ এই সাংসদগৰাকীয়ে দেওবাৰে গৈছিল তেওঁৰ সমষ্টিৰ অন্তৰ্গত গোড্ডা নামৰ ঠাইলৈ। এখন দলঙৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত অংশ লৈছিল সাংসদগৰাকীয়ে।

সেই স্থানতেই সাংসদগৰাকীৰ ভৰি ধুই বিজেপিৰ একাংশ কৰ্মীয়ে সেই পানী সেৱন কৰে। কংগ্ৰেছে এই ঘটনাক সামান্ত্যবাদী চূড়ান্ত নিৰ্দেশন বুলি সমালোচনা কৰি সাংসদগৰাকীৰ পদত্যাগৰ দাবী তুলিছে। নিজকে ভগৱান ৰূপত প্ৰক্ষেপ কৰি এইগৰাকী সাংসদে বিজেপি কৰ্মীসকলক উচটাই এনে কাণ্ড কৰিবলৈ বাধ্য কৰা বুলি অভিযোগ কৰিছে কংগ্ৰেছে। চাওঁক ভিডিঅ', কেনেদৰে তেওঁৰ ভৰি ধুই পানী খাইছে সাংসদগৰাকীয়ে-