মুখ্য-পৃষ্ঠা

বলাৎকাৰীৰ পক্ষত বিজেপি বিধায়ক! ভাইৰেল VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ উন্নাওৰ গণধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিজেপি বিধায়ক কুলদ্বীপ চেঙাৰক দলৰ পৰা বহিস্কাৰ কৰিলেও অভিযুক্ত চেঙাৰৰ সমৰ্থন যেন গোপনেই কৰি গৈছে বিজেপিয়ে। শেহতীয়াকৈ বিলগ্ৰাম-মাল্লনৱান সমষ্টিৰ বিজেপি বিধায়ক আশীষ সিঙে এক সভা সম্বোধন কৰি অভিযুক্ত কুলদ্বীপ চেঙাৰক মুকলি সমৰ্থন জনোৱা পৰিলক্ষিত হয়। ইফালে আশীষ সিঙে কাৰাগাৰৰ ভিতৰত থকা কুলদ্বীপ চেঙাৰৰ সমৰ্থনত কৰা মন্তব্যৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ভিডিঅ'টোত শুনিবলৈ পোৱা অনুসৰি. বিধায়ক আশীষ সিঙে কয়- 'জটিলতাৰ মাজেৰে সময় অতিবাহিত কৰিব লগা হৈছে আমাৰ সকলোৰে আদৰণীয় ভাতৃ কুলদ্বীপ চেঙাৰে। সময়ৰ কালচক্ৰ কোন ফালে যাব সেয়া আমি নাজানো। কিন্তু তথাপিও আমাৰ সকলোৰে শুভকামনা তেওঁৰ সৈতে আছে। যিমান জটিলতা আৰু কষ্ট তেওঁ ভোগ কৰিব লগা হৈছে, সেই সকলোবোৰ অতিক্ৰম কৰি তেওঁ পুনৰ আপোনালোকক নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হ'ব।'

উল্লেখ্য যে, বিজেপি বিধায়ক কুলদ্বীপ চেঙাৰ বৰ্তমান কাৰাগাৰত আছে। আনহাতে কিছু দিন পূৰ্বে নিৰ্যাতিতা যুৱতীগৰাকীৰ সৈতে সংঘটিত হোৱা ৰহস্যজনক দুৰ্ঘটনাৰ পিছতে চিবিআইয়ে কুলদ্বীপ চেঙাৰ আৰু অন্য ৯ জনৰ বিৰুদ্ধে হত্যাৰ অপচেষ্টা চলোৱাৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ইফালে, শুকুৰবাৰে নিৰ্যাতিতাই মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ প্ৰেৰণ কৰা এক পত্ৰৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰা শুনানিকালত এই গোচৰৰ তদন্ত দিল্লীলৈ বদলি কৰাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। লগতে এসপ্তাহৰ ভিতৰত গোচৰৰ তদন্ত সম্পূৰ্ণ কৰিবলৈকো ন্যায়ালয়ে নিৰ্দেশ দিছে চিবিআইক।

ইফালে কেইবাটাও গোচৰত অভিযুক্ত হোৱা বিজেপি বিধায়ক কুলদ্বীপ চেঙাৰক দলৰ পৰা বহিস্কাৰ কৰিছে বিজেপিয়ে। কিন্তু তাৰ পিছতো কুলদ্বীপ চেঙাৰৰ সমৰ্থন এনেদৰে বিজেপিৰ বিধায়কে মুকলিকৈ মন্তব্য প্ৰদান কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছকে ধৰি বিৰোধীসকলে। বিষয়টোক লৈ এতিয়া ছ'চিয়েল মিডিয়াতো চলিছে চৰ্চা।