মুখ্য-পৃষ্ঠা

বেট লৈ পৌৰ নিগমৰ বিষয়াৰ ওপৰত আক্ৰমণ বিজেপি বিধায়কৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব কৈলাশ বিজয়বৰ্গীয়ৰ পুত্ৰ তথা বিজেপি বিধায়ক আকাশ বিজয়বৰ্গীয়ে ইন্দোৰত পৌৰ সভাৰ এজন কৰ্মচাৰীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। তাৰপাছতে আকাশ বিজয়বৰ্গীয়ক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁৰ বিৰুদ্ধে ধাৰা ৩৫৩, ২৯৪, ৫০৬, ১৪৭ আৰু ১৪৮ অনুসৰি গোচৰ ৰুজু কৰা হৈছে আৰক্ষী থানাত।

উল্লেখ্য যে, গঞ্জী কম্পাউণ্ডাৰস্থিত অবৈধবাসগৃহ উচ্ছেদৰ বাবে পৌৰ নিগমৰ এটা দল উপস্থিত হৈছিল উক্ত স্থানত। তাৰপাছতইন্দোৰ-৩ সমষ্টিৰ বিধায়ক আকাশ বিজয়বৰ্গীয়ই পৌৰ নিগমৰ বিষয়াক কয় যে, যদি ৫ মিনিটৰভিতৰত ইয়াৰ পৰা উভতি নাযায় তেন্তে যিকোনো পৰিস্থিতিৰ দায়িত্ব আপোনালোকৰ হ'ব।

তদুপৰি বিধায়ক বিজয়বৰ্গীয়ই জেচিবিৰচাবি কাঢ়ি লয়। কিন্তু পৌৰ নিগমৰ দলটো উভতি যাবলৈ অমান্তি হোৱাত আকাশ বিজয়বৰ্গীয়ই ক্ৰিকেটবেটেৰে বিষয়া কেইগৰাকীক আক্ৰমণ কৰে। ইফালে, এই সমগ্ৰ ঘটনাৰ এটি ভিডিঅ' ইন্টাৰনেটতভাইৰেল হৈ পৰে। ইন্দোৰত সংঘটিত এই ঘটনাৰ সময়চোৱাত বিধায়কগৰাকীয়ে বেটেৰে পৌৰ নিগমৰবিষয়া কেইগৰাকীক আক্ৰমণ কৰা দেখা পোৱা গৈছে। আনহাতে, মধ্যপ্ৰদেশৰ গৃহ মন্ত্ৰী বালাবচ্চনে সংবাদমাধ্যমৰ আগত কয়- 'যিমানে ডাঙৰ নেতা নহওঁক কিয়, কোনোবাই হাতত আইন তুলিল'লে তেন্তে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব।'