মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত পিতৃ-ভাতৃসহ বিজেপি নেতাক গুলীয়াই হত্যা…

asomiyapratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত বিজেপি নেতা শ্বেখ ৱাছিমক গুলীয়াই হত্যা। জম্মু-কাশ্মীৰৰ বন্দীপোৰাত বুধবাৰে নিশা পিতৃ আৰু ভাতৃসহ বিজেপি নেতাগৰাকীক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে।

ইফালে, এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে- শ্বেখ ৱাছিম আৰু তেওঁৰ পিতৃ-ভাতৃৰ ওপৰত নিশা প্ৰায় ৯ বজাত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। তেওঁলোকে আৰক্ষী থানাৰ কাষৰে এখন দোকানৰ সমীপত থিয় হৈ থকা সময়ত সংঘটিত হয় এই ঘটনা।

সন্ত্ৰাসবাদীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনিওকে হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে। আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।আনহাতে, নিশা ভাগতে এই খবৰ পোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোডীয়ে এই সন্দৰ্ভত ফোন কৰে। আৰু বিজেপি নেতাগৰাকীৰ মৃত্যু শোক প্ৰকাশ কৰে।