মুখ্য-পৃষ্ঠা

ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত বিজেপিৰ পতাকাঃ কল্যাণ সিঙৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক কেন্দ্ৰ কৰি বিতৰ্ক…

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ মৃত্যুৰ পাছতে এক বিতৰ্কত সোমাই পৰিছে বি জে পি। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাম মন্দিৰ আন্দোলনৰ অন্যতম নেতা কল্যাণ সিং। এইগৰাকী কল্যাণ সিং দীৰ্ঘদিন ধৰি অসুস্থ হৈ হাস্পতালত চিকিৎসাধীন হৈ আছিল। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত বিগত শনিবাৰে মৃত্যুক সাৱটি ল'লে নেতাগৰাকীয়ে।

ইয়াৰ পাছতে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিভিন্ন ৰাষ্ট্ৰীয় নেতৃ্ত্ব আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে। কিন্তু ইয়াৰ মাজতে বিতৰ্কলৈ আহিছে কল্যাণ সিঙক শ্ৰদ্ধাঞ্জলি জনোৱা এই অনুষ্ঠান।

প্ৰয়াত মুখ্যমন্ত্ৰী কল্যাণ সিঙক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ বিজেপি নেতৃত্বই কল্যাণ সিঙৰ নস্বৰ দেহৰ ওপৰত দিলে দেশৰ জাতীয় পতাকা। ইমানলৈ সকলো ঠিকেই আছিল। ইয়াৰ পাছতে বিজেপি নেতৃত্বই জাতীয় পতাকাৰ ওপৰত দি দিলে বিজেপিৰ পতাকা। ইয়াৰ পাছতে আৰম্ভ হৈছে বিতৰ্ক।

সামাজিক মাধ্যমৰ লগতে বিৰোধী ৰাজনৈতিক দলে বিজেপি নেতৃত্বৰ এই কাৰ্যক সমালোচনা কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও বিজেপিয়ে জাতীয় পতাকা অপমান কৰাৰ অভিযোগ উত্থাপন কৰি কৈছে এই অপমান সহ্য কৰা নহ'ব। সমাজবাদী পাৰ্টীৰ নেতা ঘনশ্যাম তিৱাৰীয়েও এই বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কৈছে বিজেপিয়ে এনে কাম কৰিব পাৰে। ইয়াৰ বাবে তেওঁলোকৰ কোনো অনুতাপ নাই।

ইফালে এই সমগ্ৰ ঘটনাক লৈ টুইটাৰৰ লগতে অন্যান্য সামাজিক মাধ্যমত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। বহুতেই বিজেপিৰ এই কাৰ্যক সমালোচনা কৰিছে।