মুখ্য-পৃষ্ঠা

হাতত বন্দুক লৈ সুৰাৰ ৰাগীত নৃত্য বিধায়কৰঃ ৬ বছৰৰ বাবে দলৰ পৰা বহিস্কাৰৰ ঘোষণা বিজেপিৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ হাতত মাৰাণাস্ত্ৰ লৈ সুৰাৰ নিচাত উন্মাদ নৃত্য প্ৰদৰ্শন কৰা উত্তৰাখণ্ডৰ খানপুৰ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক কোঁৱৰ প্ৰণৱ সিং চেম্পিয়নৰ বিৰুদ্ধে কঠোৰ হৈছে দলৰ নেতৃত্ব। বিধায়কজনৰ এই উন্মাদ আচৰণৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে উত্তৰাখণ্ড বিজেপিয়ে তৎকালীনভাৱে বলবৎ হোৱাকৈ বিধায়কজনক দলৰ পৰা নিলম্বন কৰিছিল। কিন্তু শেহতীয়াকৈ বিষয়টোৱে অধিক বিতৰ্কৰ সৃষ্টি কৰাত বিজেপিয়ে ৬ বছৰৰ বাবে প্ৰণৱ সিং চেম্পিয়নক দলৰ পৰা বহিস্কাৰ কৰাৰ ঘোষণা কৰিছে।

উল্লেখ্য যে, কিছু দিন পূৰ্বে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল বিধায়ক প্ৰণৱ সিং চেম্পিয়নৰ এটা ভিডিঅ'। য'ত তেওঁ হাতত তিনিটাকৈ বন্দুক লৈ সুৰাৰ ৰাগীত মাতাল হৈ নৃত্য কৰি থকা পৰিলক্ষিত হৈছিল। এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে উত্তৰাখণ্ড আৰক্ষীয়ে বিধায়কজনৰ বিৰুদ্ধে আৰ্ম এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।