বিজেপি-চিপিআই (এম) সমৰ্থকৰ মাজত সংঘৰ্ষ
বিজেপি-চিপিআই (এম) সমৰ্থকৰ মাজত সংঘৰ্ষ 
মুখ্য-পৃষ্ঠা

নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত উত্তাল ত্ৰিপুৰা !বিজেপি-চিপিআই (এম) সমৰ্থকৰ মাজত সংঘৰ্ষত গ্ৰেপ্তাৰ এজন....

Asomiya Pratidin

ডিজিটেল ডেস্ক: সমাগত ত্ৰিপুৰাৰ বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত ত্ৰিপুৰাত অপ্ৰীতিকৰ পৰিস্থিতি। বিজেপি-চিপিআই (এম)ৰ মাজত নিৰ্বাচন কেন্দ্ৰিক হিংসাত জৰ্জৰিত ত্ৰিপুৰাৰ ৰাজনীতি। মুঠ ৬০খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ত্ৰিপুৰাত। নিৰ্বাচনৰ মাত্ৰ ২ মাহ পূৰ্বে নিৰ্বাচন কেন্দ্ৰিক হিংসাই জোঁকাৰিছে ত্ৰিপুৰা।

তথ্য অনুসৰি মঙলবাৰে নিশা প্ৰায় ৮ বজাত বিজেপি-চিপিআই (এম) সমৰ্থকৰ মাজত কাজিয়াৰ সূত্ৰ-পাত হোৱাৰ খবৰ লাভ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। দুয়োপক্ষৰ সংঘৰ্ষৰ ফলত তিনিখনকৈ দোকানত অগ্নিসংযোগ কৰাৰ উপৰিও কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হয়।

উল্লেখ যোগ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰয়াত পিতৃৰ বাৰ্ষিক শ্ৰাদ্ধ অনুষ্ঠানত যজ্ঞ কৰিবলৈ উদয়পুৰৰ জামজুৰি অঞ্চলৰ ৰাজধনগৰৰ বাসগৃহত পুৰোহিতৰ এটা দল উপস্থিত হোৱাৰ পিছত মঙলবাৰে নিশা এই ঘটনাটো সংঘটিত হয়।

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ পৈতৃক বাসভৱনৰ পৰা কিছু দূৰৈত সংঘটিত হয় এই সংঘৰ্ষ। বিজেপি আৰু চিপিআই(এম)ৰ কৰ্মীসকলৰ মাজত দল সমূহৰ পতাকাক লৈ ৰাজনৈতিক সংঘৰ্ষ হোৱা বুলি সদৰি কৰে আৰক্ষীয়ে । সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়ালৈকে দুখন এজাহাৰ পঞ্জীয়ন কৰাৰ কথাও ব্যক্ত কৰে আৰক্ষী বিযয়াই।

জিলা আৰক্ষী অধীক্ষক অজিত প্ৰতাপ সিঙৰ মন্তব্য অনুসৰি সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে সাতজনক সোধা-পোছাৰ বাবে আটক কৰিছে । তেওঁ কয়- "আমি আমাৰ তদন্ত আৰম্ভ কৰিছো। পৰ্যাপ্ত পৰিমানে আৰক্ষী মোতায়েন কৰিছো আৰু বৰ্তমান সময়ছোৱাত পৰিস্থিতি নিয়ন্ত্ৰণত আছে।"