মুখ্য-পৃষ্ঠা

আমাৰ ওচৰত সংখ্যাগৰিষ্ঠতা থকা বাবেই আমি ভীতি প্ৰদৰ্শনৰ ৰাজনীতি কৰিব নোৱাৰোঃ ‘কা’ক লৈ প্ৰতিক্ৰিয়া বিজেপি নেতা চি কে বসুৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশজুৰি অব্যাহত থকা প্ৰতিবাদৰ মাজতে বিজেপিৰ নেতা তথা নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাতি চন্দ্ৰ কুমাৰ বসুৱে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। নাগৰিকত্ব সংশোধনী আইনক লৈ বিজেপিক পৰামৰ্শ প্ৰদান কৰি চন্দ্ৰ কুমাৰ বসুৱে কয় যে এই আইনখনৰ লাভ সম্পৰ্কে চৰকাৰে জনতাক অৱগত কৰোৱা উচিত। বিজেপিৰ ওচৰত সংখ্যাগৰিষ্ঠতা থকাৰ বাবেই ভীতি প্ৰদৰ্শনৰ ৰাজনীতি কৰিব নোৱাৰে বুলিও মন্তব্য কৰে চি কে বসুৱে।

বিজেপি নেতাগৰাকীয়ে কয়, 'মই দলৰ নেতৃত্বক এই পৰামৰ্শ আগবঢ়াইছো যে এই আইনখনৰ কিছু সংশোধন কৰি বিৰোধীৰ প্ৰতিবাদ ৰোধ কৰিব পৰা যাব পাৰে। আমি বিশেষভাৱে এই কথা স্পষ্ট কৰা উচিত যে নাগৰিকত্ব সংশোধনী আইন নিৰ্যাতনৰ বলি হোৱা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ বাবেহে, আমি কোনো ধৰ্মৰ উল্লেখ কৰা উচিত নহয়। আমি আমাৰ দৃষ্টিভংগী সলনি কৰিব লাগিব।'

লগতে তেওঁ কয়, 'যেতিয়া এখন বিধেয়ক আইনত পৰিণত হয়, তেতিয়া এয়া আইনগতভাৱে ৰাজ্য চৰকাৰসমূহৰ বাবেও বাধ্যতামূলক হৈ পৰে। কিন্তু এখন গণতান্ত্ৰিক দেশত আপুনি সাধাৰণ নাগৰিকৰ ওপৰত কোনো আইন বলপূৰ্বকভাৱে জাপি দিব নোৱাৰে। আমাৰ কাম হৈছে জনতাক এই কথা বুজোৱা যে আমি শুদ্ধ আৰু তেওঁলোক ভুল। কেৱল আমাৰ ওচৰত আজি সংখ্যাগৰিষ্ঠতা আছে বাবেই আমি ভীতি প্ৰদৰ্শনৰ ৰাজনীতি কৰিব নোৱাৰো। নাগৰিকত্ব সংশোধনী আইনৰ লাভ আৰু সুবিধা সম্পৰ্কে আমি জনতাক অৱগত কৰিব লাগিব।'

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও নাগৰিকত্ব সংশোধনী আইনৰ প্ৰাসংগিকতাত কৈ প্ৰশ্ন উত্থাপন কৰিছিল চি কে বসুৱে। বিগত মাহত তেওঁ টুইটযোগে লিখিছিল যে ভাৰত এনে এখন দেশ, যাৰ দুৱাৰ সকলো ধৰণৰ ধৰ্ম আৰু সম্প্ৰদায়ৰ বাবে খোলা আছে। বসুৱে টুইটত লিখিছিল, 'যদি নাগৰিকত্ব সংশোধনী আই ধৰ্মৰ ভিত্তিত নহয়, তেন্তে ইয়াত কেৱল হিন্দু, শিখ, বৌদ্ধ, খ্ৰীষ্টান, পাৰ্চী আৰু জৈন সকলৰ কথাহে কিয় উল্লেখ আছে? তেওঁলোকৰ দৰে মুছলমানসকলকো ইয়াৰ অন্তৰ্ভূক্ত কিয় কৰা নাই? এই আইন সকলোৰে বাবে সমান হোৱা উচিত।'