মুখ্য-পৃষ্ঠা

চিনেমাৰ শ্বুটিঙত অশ্লীল ধেমালি, এইবাৰ বিপাশাৰ #MeToo

asomiyapratidin

ডিজিটেল ডেস্কঃ নানা পাটেকাৰ আৰু তনুশ্ৰী দত্তৰ ঘটনা পোহৰলৈ অহাৰ পিছতে #MeTooৰ জৰিয়তে বলীউডৰ কেইবাগৰাকীও জনপ্ৰিয় তাৰকাৰ প্ৰকৃত মুখাখন খোল খাইছে৷ শেহতীয়াকৈ যশস্বী পৰিচালক চাজিদ খানৰ নাম নিৰ্যাতনৰ অভিযোগত সাঙোৰ খাই পৰাত পৰিচালকগৰাকীয়ে 'হাউছফুল-৪' ছবিখনৰ পৰিচালনাৰ দায়িত্বও হেৰুৱাবলগীয়া হৈছে৷ কিন্তু ইমানৰ পিছতো পৰিচালকগৰাকীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপনকাৰীৰ সংখ্যা কম হোৱা নাই৷

শেহতীয়াকৈ মোহময়ী অভিনেত্ৰী বিপাশা বসুৱে চাজিদ খানৰ বিৰুদ্ধে এক চাঞ্চল্যকৰ টুইট কৰে৷ শনিবাৰে অভিনেত্ৰীগৰাকীয়ে পৰিচালক চাজিদ খানৰ মুখা খোল খাই কৰা টুইটত কয়, 'মই এই দেখি যথেষ্ট আনন্দিত হৈছো যে কেইবাগৰাকীও মহিলাই তেওঁলোকৰ ওপৰত চাজিদ খানে চলোৱা যৌন নিৰ্যাতনৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে৷ ফিল্মৰ ছেটত মহিলা শিল্পী তথা মহিলা কৰ্মকৰ্তাসকলৰ প্ৰতি তেওঁৰ আচৰণ সদায় অসভ্য আছিল৷ তেওঁ মহিলাসকলৰ প্ৰতি কৰা অসভ্য ব্যৱহাৰে মোকো ব্যতিব্যস্ত কৰিছিল৷ কেৱল এয়াই নহয়, চাজিদ খানে নভৱা নিচিন্তাকৈয়ে মহিলাসকলৰ সন্মুখত অশ্লীল ধেমালি কৰিছিল৷'

ইফালে, বিপাশা বসুৱে আন এটা টুইটত লিখে, 'মই মোৰ কাম সম্পূৰ্ণ কৰি নিৰ্মাতাক স্পষ্টভাৱে জনাই দিছো যে মই চাজিদ খানৰ সৈতে কাম কৰিবলৈ আগ্ৰহী নহয়৷' ইফালে অভিনেত্ৰীগৰাকীয়ে #MeToo অভিযানৰ আৰম্ভ কৰা তনুশ্ৰী দত্তক ধন্যবাদ জ্ঞাপন কৰি কয় যে এই অভিযানৰ জৰিয়তে মহিলাসকলে তেওঁলোকৰ ওপৰত চলা নিৰ্যাতনৰ কথা প্ৰকাশ কৰিবলৈ সুযোগ আৰু সাহস পাইছে৷