মুখ্য-পৃষ্ঠা

অৱসৰপ্রাপ্ত প্ৰধান শিক্ষক বিনয়চন্দ্র গগৈৰ পৰলোকপ্রাপ্তি, নামতিত শোকৰ ছাঁ…

asomiyapratidin

ডিজিটেল সংবাদ, নামতিঃ শিৱসাগৰ জিলাৰ নামতি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত প্ৰধান শিক্ষক বিনয়চন্দ্ৰ গগৈ (৮১) ৰ আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে । জানিব পৰা মতে, দীর্ঘদিন ধৰি হৃদৰোগত আক্রান্ত হৈ থকা ব্যক্তিজন আজি পুৱা নামতি চাৰিআলি গণক গাঁৱৰ নিজা বাসগৃহতে হঠাৎ বেছিকৈ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

ইফালে, শিক্ষকতাৰ লগতে বিভিন্ন সমাজিক অনুষ্ঠান-প্রতিষ্ঠানৰ লগত উতঃপ্রোত ভাৱে জড়িত থকা বিনয়চন্দ্ৰ গগৈ এজন সক্রিয় কংগ্রেছ কর্মীও আছিল । ১৯৯৯ চনত অৱসৰ গ্রহণ কৰি তেওঁ ২০০২ চনৰ পৰা ২০০৭ চনলৈ বৰুৱাপুখুৰী পঞ্চায়তৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল । আজি অমায়িক স্বভাৱৰ ব্যক্তিজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বৃহত্তৰ নামতি অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে ।

তদুপৰি তেওঁৰ মৃত্যুত আমগুৰি সমষ্ঠিৰ কংগ্রেছী নেত্রী তথা প্রদেশ কংগ্রেছৰ সম্পাদিকা অংকিতা দত্ত, চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষক গোট আৰু বিদ্যালয়খনৰ প্রাক্তন ছাত্র-ছাত্রী সকলৰ লগতে নামতি প্ৰেছ গীল্ড, নামতি চাৰিআলি যুৱ সমাজ, নামতি চাৰিআলি জাতীয় বিদ্যা নিকেটন, নামতি ছহিদ পিয়লি ফুকন মহাবিদ্যালয়, নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালৰ, উজনি অসম হজৰত আজান পীৰ চিনিয়ৰ মাদ্রাছা, মৰিনামদাং প্রাথমিক বিদ্যালয়,আটাছুৰ নামতি আৰু বৰুৱা পুখুৰী আঞ্চলিক সমিতি,নামতি আঞ্চলিক ছাত্ৰ সন্থা, ঐক্য সেনা নামতি আঞ্চলিক সমিতি ,নামতি চাৰিআলি সন্মিলিত মুছলিম যুৱ সমাজ, এপল' ক্লাৱ, আদৰ্শ গাঁও যুৱ সমাজ, বৰুৱা পুখুৰী মণ্ডল যুৱ কংগ্ৰেছ, এন এচ ইউ আই বৰুৱা পুখুৰী আঞ্চলিক সমিতিকে আদি কৰি বহু দল সংগঠন তথা অনুষ্ঠান -প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে । মৃত্যুৰ সময়ত তেওঁ তিনিজন পুত্ৰ আৰু জী-জোঁৱাইৰ লগতে বহু আত্মীয়ক ইহ-সংসাৰত এৰি থৈ গৈছে ।