মুখ্য-পৃষ্ঠা

১৯ লাখ নিবনুৱাক চাকৰি-কোৰোনাৰ বিনামূলীয়া ভেকচিন প্ৰদানৰ প্ৰতিশ্ৰুতি বিজেপিৰ…

asomiyapratidin

ডিজিটেল ডেস্ক : বিজেপিয়ে বিহাৰ নিৰ্বাচনৰ কাৰনে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ । এই নিৰ্বাচনী ইস্তাহাৰত শিক্ষা,স্বাস্থ্য,আইটি কে ধৰি বিভিন্ন ক্ষেত্ৰত ১৯ লাথ লোকক কৰ্মসংস্থাপন প্ৰদান কৰিব বুলি উল্লেখ কৰে । ইপিনে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা অনুসৰি এবছৰত ৩ লাখ শিক্ষকক নিয়োগ কৰাৰৰ কথা উল্লেখ কৰাৰ লগতে বিহাৰৰ প্ৰতিগৰাকী লোকক বিনামূলীয়া কৈ কোৰোনাৰ ভেকচিন প্ৰদান কৰাৰৰ কথা উল্লেখ কৰে ।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু অন্যান্য নেতাসকলে এই ইস্তাহাৰ খন মুকলি কৰে।বিহাৰৰ প্ৰতিজন বাসিন্দাক বিনামূলীয়া টিকাকৰণ প্ৰদান কৰা হ'ব। বিহাৰৰ চিকিৎসা আৰু কাৰিকৰী শিক্ষা হিন্দী ভাষাত উপলব্ধ হ'ব।

বিহাৰত পৰৱৰ্তী পাঁচ বছৰত আই টি হাব সৃষ্টি কৰি পাঁচ লাখ চাকৰি প্ৰদান কৰিব। ৫০,০০০ কোটি টকাই আত্মসহায়ক গোটবোৰক প্ৰদান কৰিব ইয়াৰ ফলত এক কোটি মহিলা স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত সহায় কৰিব।