মুখ্য-পৃষ্ঠা

বালিকা আশ্ৰয় গৃহত অশ্লীল নৃত্য উপভোগ কৰিছিল চিকিৎসক-শিক্ষকে, অভিযোগনামাত ২১ জনৰ নাম

asomiyapratidin

ডিজিটেল ডেস্কঃ মুজাফ্ফৰপুৰ বালিকা গৃহ যৌন নিৰ্যাতনৰ গোচৰৰ মূল অভিযুক্ত ব্ৰজেশ ঠাকুৰ সহ ২১ জনৰ বিৰুদ্ধে চি বি আইয়ে সোমবাৰে বিশেষ পষ্ক' আদালতত চাৰ্জশ্বিট দাখিল কৰিছে। চাৰ্জশ্বিটত চি বি আইয়ে দাখিল কৰা মতে, অভিযুক্তসকলে কিশোৰীসকলক অশ্লীল গানত নৃত্য কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে তেওঁলোকক নিচাযুক্ত ঔষধ সেৱন কৰিবলৈ বাধ্য কৰাইছিল। আনহাতে কিশোৰীসকলক অচেতন কৰাই অভিযুক্তসকলে নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰিছিল বুলিও উল্লেখ কৰা হৈছে সোমবাৰে দাখিল কৰা চাৰ্জশ্বিটত।

চি বি আইৰ বিষয়া দেবেন্দ্ৰ সিঙে জনোৱা মতে, বালিকা আশ্ৰয় গৃহটোৰ স্বত্বাধিকাৰ ব্ৰজেশ ঠাকুৰৰ নিৰ্দেশত আশ্ৰয় গৃহটোৰ কৰ্মচাৰীসকলে কিশোৰী-যুৱতীসকল নিচাযুক্ত দ্ৰব্য সেৱন কৰাই অচেতন কৰিছিল। ইয়াৰ পিছতে তেওঁলোকক বলাৎকাৰ কৰা হৈছিল। আনহাতে আশ্ৰয় গৃহটোতত থকা কিশোৰী-যুৱতীসকলক মাৰপিট কৰি মুখ বন্ধ নকৰিলে হত্যা কৰাৰো ভাবুকি প্ৰদান কৰিছিল ব্ৰজেশ ঠাকুৰ আৰু তেওঁৰ কৰ্মচাৰীসকলে।

উল্লেখ্য যে, মুজাফ্ফৰনগৰ বালিকা আশ্ৰয় গৃহত চলি থকা এই ঘটনাৰ কথা পোহৰলৈ আহিছিল বিগত বৰ্ষৰ আগষ্ট মাহত। আশ্ৰয় গৃহটোৰ তিনিজনী কিশোৰী-যুৱতীয়ে কোনোমতে পলায়ন কৰাৰ পিছত আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰাৰ পিছতে আশ্ৰয় গৃহটোত চলি থকা এই ঘটনাৰ কথা পোহৰলৈ আহে।

সোমবাৰে চিবিআইয়ে দাখিল কৰা চাৰ্জশ্বিটত আশ্ৰয় গৃহটোৰ স্বত্বাধিকাৰ ব্ৰজেশ ঠাকুৰৰ লগতে আশ্ৰয় গৃহটোৰ তত্বাবধায়ক, চিকিৎসক, শিশু সুৰক্ষা সমিতিৰ এগৰাকী বিষয়া, আশ্ৰয় গৃহটোৰ শিক্ষক আৰু কৰ্মচাৰী মিলি মুঠ ২১ জনৰ নাম অভিযুক্ত হিচাপে দাখিল কৰিছে।