মুখ্য-পৃষ্ঠা

নাৱৰ পৰা পানীত সৰি পৰিল সাংসদ, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বিহাৰৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ।  বুধবাৰে ৰাজ্যখনৰ বান বিধ্বস্ত এলেকা পৰ্যবেক্ষণ কৰিবলৈ যোৱা সময়তে কথমপি ৰক্ষা পৰে বিজেপিৰ সাংসদ ৰামকৃপাল যাদৱ। পাটনাৰ ধনৰুৱাৰ ৰমনীৱিগহা এলেকাত বান পৰিস্থিতিৰ বুজ ল'বলৈ বুধবাৰে উপস্থিত হয় বিজেপি সাংসদগৰাকী।

তাৰপাছত সাংসদ ৰামকৃপাল যাদৱে টিউব আৰু কাঠেৰে নিৰ্মিত এখন নাৱত উঠি বানাক্ৰান্তসকলৰ ওচৰলৈ আগবাঢ়ে। তেওঁৰ সৈতে আৰু কেইজনমান স্থানীয় লোক আছিল সেই নাওখনত। কিন্তু বানৰ মাজত হঠাৎ নিয়ন্ত্ৰণহীন হৈ পৰাৰ পাছতে নাওখনত সাংসদগৰাকীৰ সৈতে পানীত পৰে আটাইকেইজন।

https://www.facebook.com/100004002770355/videos/1807050076105067/

সৌভাগ্যক্ৰমে পাৰত থিয় হৈ থকা কেইজনমান লোকে তৎক্ষণাত পানীত জপিয়াই তেওঁলোকৰপ্ৰাণৰক্ষা কৰে। ইফালে, এই ঘটনাৰ এটা ভিডিঅ'ও বন্দী কৰা হয় কেমেৰাত। উল্লেখ্য যে,বিহাৰত বৃষ্টিপাত হোৱা নাই যদিও, বৰ্তমানেও বহু লোক কষ্টত দিন পাৰ কৰিবলগীয়া হৈছে।